নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচশ টকা দিয়ক… চৰাইদেউত ৰেচন কাৰ্ডৰ নামত লুণ্ঠনৰাজ

বিশেষ বাৰ্তা, ১২ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ অসামৰিক যোগান বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতাৰ সুযোগ গ্ৰহণ কৰি অনলাইন যোগে ৰেচন কাৰ্ডত নামত অন্তৰ্ভুক্তিকৰণৰ বাবদ প্ৰতিগৰাকী ব্যক্তিৰ বাবদ পাঁচশ টকাকৈ আদায় কৰি হিতাধিকাৰীৰ ওপৰত লুণ্ঠন চলোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্তিৰ বাবে সমবায় সমিতিৰ এজেণ্টৰ যোগে হিতাধিকাৰীসকলে জিলা অসামৰিক যোগান বিভাগত যাৱতীয় তথ্য সহিতে আবেদন দাখিল কৰাৰ পিছতো কার্ডত নাম অন্তৰ্ভুক্তি বাদেই কাৰ্ডৰ পৰা নাম কৰ্তন কৰাত জিলাখনৰ সাধাৰণ দিন মজুৰি কৰা, কৃষক, শ্রমিক গৰীৱ কল্যাণ আঁচনিৰ চাউল লাভৰ পৰা বঞ্চিত হোৱা হিতাধিকাৰীৰ সংখ্যা হাজাৰোধিকৰ ঘৰ স্পৰ্শ কৰিছে। কাৰ্ডত নাম অন্তৰ্ভুক্তিৰ পৰা বঞ্চিত হিতাধিকাৰীয়ে দিয়া অভিযোগৰ ভিত্তিত চলোৱা অভিযানৰ সময়ত অফলাইনত জনোৱা আবেদন কম্পিউটাৰত ল’ড কৰাৰ পৰিৱৰ্তে উন্মুক্তভাৱে বিভাগটোৰ কাৰ্যালয়ত দমে দমে পৰি থকা পৰিলক্ষিত হয়। সাধাৰণ শ্ৰমিক আৰু কৃষকৰ যাৱতীয় তথ্য অন্তৰ্ভুক্ত নকৰি জাবৰ দমৰ দৰে পেলাই থোৱা বাবেই জিলাখনৰ শ শ শ্রমিক কৃষকে আঁচনিৰ পৰা বঞ্চিত হোৱাৰ লগতে ‘আয়ুষ্মান’ চিকিৎসা কাৰ্ডৰ পৰা বঞ্চিত হৈছে। যিহেতু ৰেচন কাৰ্ডত নাম থকা হিতাধিকাৰীসকলেহে আয়ুষ্মান কার্ড লাভ কৰিব। কিন্তু জিলাখনত শ শ হিতাধিকাৰীৰ নাম কৰ্তন কৰাত পুনৰ কাৰ্ডত নাম অন্তৰ্ভুক্তিৰ বাবে অনলাইনৰ আশ্ৰয় লোৱাত অনলাইনৰ কাম কৰাসকলে দুৰ্বলতাৰ সুযোগ লৈ এগৰাকী ব্যক্তিক অনলাইনৰ যোগেদি ৰেচন কাৰ্ডত নামভুক্তিৰ বাবদ পাঁচশ টকাকৈ আদায় লৈ লুণ্ঠন চলোৱাত মাত্ৰাধিক উপকৃত হৈছে বিত্তৱান লোক। সাধাৰণ দিন দৰিদ্ৰ শ্ৰমিকে পাঁচশ টকা দি নিজৰ চাৰি-পাঁচজন ব্যক্তিৰ নাম অন্তৰ্ভুক্তি কৰাৰ আশা বাদ দিছে। জিলাখনত ৰেচন কাৰ্ডৰ নামত অব্যাহত থকা বিয়াগোম দুর্নীতি আৰু অনিয়মৰ পৃষ্ঠপোষকৰূপে হিতাধিকাৰীসকলে পোনচাটেই সমবায় এজেণ্ট আৰু অসামৰিক যোগান বিভাগক জগৰীয়া কৰিছে। যদি এনেদৰে চৰম বৈষম্যমূলকভাৱে ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্তিকৰণ প্ৰক্ৰিয়া অব্যাহত থাকে তেন্তে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত বিৰূপ প্ৰভাৱ পৰিব সেয়া নিশ্চিত।

 

প্ৰেৰক দীপাংকৰ পাল

You might also like