বিশেষ বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ বস্ত্ৰনগৰী শুৱালকুছি আৰু ইয়াৰ পাৰ্শ্চৱৰ্তী অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ যুৱ মহোৎসৱ উপলক্ষে আজি উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই সৰ্বস্তৰৰ দৰ্শক ৰাইজক বাৰুকৈয়ে মুগ্ধ কৰি তোলে৷ মহাবিদ্যালয়খনৰ প্ৰতিটো বিভাগত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে একো একোটা নিৰ্দিষ্ট বিষয়ক লৈ সাংস্কৃতিক শোভাযাত্ৰাত অংশ লয়৷ বিশেষকৈ বিহু, বিয়াৰ নাম, বড়ো, সেউজী ধৰণী, খোল তাল, মবাইলৰ অপব্যৱহাৰ, মাদক দ্ৰব্য বৰ্জন, খেৰাই নৃত্য, উদ্ভিদ বিজ্ঞান, জীৱ বিদ্যা, উদ্ভাৱন, বস্ৰশিল্প আদিকে ধৰি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় শোভাযাত্ৰাত প্ৰদৰ্শীত হয় ৷ অতি আকৰ্ষণীয় শোভাযাত্ৰাটি চাবলৈ পথৰ দুয়োকাষে অগণন লোকৰ সমাবেশ হয়৷ ফলত শুৱালকুছিৰ ৰাজপথত প্ৰায় এঘন্টা সময় তীব্ৰ যান যটৰ সৃষ্টি হয়৷ শোভাযাত্ৰা আনুস্থানিকভাবে উদ্বোধন কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাস্ট্ৰীয় সম্পাদক ৰাকেশ দাসে৷ উল্লেখ্য যে ৮ ফ্ৰেব্ৰুৱাৰীৰ পুৱা মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ গোপাল শৰ্মাই পতাকা উত্তোলনৰে যুৱ মহোৎসৱৰ শুভৰাম্ভ কৰে ৷ ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে সভাপতি কৌশিক দাসে৷ বন্তি প্ৰজ্বলন কৰে শিক্ষক গোটৰ সভাপতি ড°যোগেশ ডেকাই ৷ ইয়াৰ পিছতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ৯, ১০, ১১ আৰু ১২ ফ্ৰেব্ৰুৱাৰীত আন আন প্ৰতিযোগিতা সমুহ সম্পন্ন কৰা হয় ৷ আজি শোভাযাত্ৰাৰ পিছতে অনুষ্ঠিত হয় শ্ৰেষ্ঠ নৱাগত বাচনি প্ৰতিযোগিতা আৰু বঁটা প্ৰদান সভা৷ কাইলৈ সামৰণী তথা মুকলি সভা৷ মুকলি সভাত শিক্ষা উপদেষ্টা ড°ননী গোপাল মহন্ত আৰু আছুৰ মুখ্য উপদেস্টা ড° সমুজ্বল কুমাৰ ভট্টাচাৰ্যই অংশ গ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷
প্ৰেৰক দিলীপ মেধি