নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত জলজীৱন মিছন আঁচনি পৰিদৰ্শন উপায়ুক্ত স্বপ্নীল পালৰ

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : তিনিচুকীয়াৰ উপায়ুক্ত স্বপ্নীল পালে আজি মাৰ্ঘেৰিটা উন্নয়নখণ্ডৰ অন্তৰ্গত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জলজীৱন মিছনৰ কেইবাটাও আচঁনি পৰিদৰ্শন কৰি কামকাজৰ অগ্ৰগতিৰ বুজ লয়। উপায়ুক্তগৰাকীয়ে বগাপানী বনগাওঁ পানী যোগান আঁচনি, নামদাং বাঁহবাৰী পানী যোগান আঁচনি, লিডু বাগান পানী যোগান আঁচনি, লিডু চাহ বাগিচা কো. নৰ্থ চাইড পানী যোগান আঁচনি আৰু বালিজান এন.চি পানী যোগান আঁচনি পৰিদৰ্শন কৰে ৷ পানী যোগান আচঁনিসমূহ পৰিদৰ্শন কৰি জিলা উপায়ুক্তগৰাকীয়ে জল জীৱন মিছনৰ প্ৰতিটো পানী যোগান আঁচনিৰ উপভোক্তা সমিতিৰ বিষয়ববীয়াসকল তথা হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে। উক্ত আচঁনিৰ অধীনত হিতাধিকাৰীসকলৰ ঘৰে ঘৰে কিদৰে নিয়মিতৰূপে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা হৈছে সেই বিষয়েও উপায়ুক্ত স্বপ্নীল পালে বুজ লয়। পৰিদৰ্শন কালত উপায়ুক্তগৰাকীয়ে জনস্বাস্থ্য -কাৰিকৰী বিভাগৰ কাৰ্য্যৱাহী অভিযন্তাগৰাকীক জল জীৱন মিছনৰ লগতে অন্যান্য বিভিন্ন বিভাগীয় আচঁনিৰ কামৰ অগ্ৰগতিৰ ক্ষেত্রত সন্মুখীন হোৱা বাধাসমূহৰ বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে, জলজীৱন মিছনৰ অধীনত নিম্ন মানদণ্ডৰ কাম কৰা ঠিকাদাৰ সকলক কঠোৰ সকীয়নি দিয়াৰ উপৰিও পানী যোগান আঁচনি নিৰ্মাণৰ ৱৰ্ক অৰ্ডাৰ লাভৰ পাছতো কাম আৰম্ভ নকৰা ঠিকাদাৰসকলক তাৎক্ষণিকভাবে আচঁনিৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। অন্যথা এইসকল ঠিকাদাৰৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা লোৱা হব বুলিও উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে, জিলা উপায়ুক্ত স্বপ্নীল পালে জিলাখনত জলজীৱন মিছনৰ অগ্ৰগতি সন্দৰ্ভত জনস্বাস্থ্য-কাৰিকৰী বিভাগৰ সৈতে এখনি পৰ্য্যালোচনা বৈঠকতো মিলিত হৈছে৷ উপায়ুক্তগৰাকীয়ে জিলাখনৰ কাৰ্য্যবাহী দণ্ডাধীশসকলক প্ৰতিখন গাওঁপঞ্চায়তত জলজীৱন মিছনৰ অধীনত ৰূপায়ন হৈ থকা পানীযোগান আচঁনিৰ কামকাজৰ অগ্ৰগতিৰ বুজ লবৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি জিলাখনৰ কাৰ্য্যবাহী দণ্ডাধীশসকলে প্ৰতিটো গাওঁপঞ্চায়ত এলেকা পৰিদৰ্শন কৰি জলজীৱন মিছনৰ অধীনত ৰূপায়ন হৈ থকা পানীযোগান আচঁনিসমূহৰ কামৰ অগ্ৰগতিৰ বুজ লব লাগিব। আনহাতে, অহা ১৫ ফেব্ৰুৱাৰী তাৰিখে জিলা উপায়ুক্তগৰাকীয়ে সকলো বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে মিলিত হৈ বিভিন্ন বিভাগীয় উন্নয়নমূলক আচঁনিৰ কামকাজৰ অগ্ৰগতিৰো বিতংকৈ পৰ্য্যালোচনা কৰিব। উল্লেখযোগ্য যে, উপায়ুক্ত স্বপ্নীল পালে আজি মাৰ্ঘেৰিটা উন্নয়নখণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰ আচঁনি পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়।

প্ৰেৰক বিবেক বড়া

You might also like