নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“মা ত্ৰিপুৰা সুন্দৰী” মন্দিৰত আশিস গ্ৰহণ মন্ত্ৰী পীযুষ হাজিৰকাৰ

বিশেষ বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ সন্মুখত ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচন উপলক্ষে উবুুৰি খাই পৰিছে শাসক-বিৰোধী উভয়ে। ত্ৰিপুৰাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম বিজেপিৰ ফালৰ পৰা প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। অসমৰ মুখ্যমন্ত্ৰীকে ধৰি শাসকীয় দলৰ মন্ত্ৰী, বিধায়ক, সাংসদ, দলীয় নেতাৰ নিৰ্বাচনী প্ৰচাৰত খদমদম ত্ৰিপুৰা। তাৰ মাজতে আজি ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ তাত বাহৰ পাতি থকা অসমৰ মন্ত্ৰী পীযুষ হাজৰিকাই ত্ৰিপুৰাৰ প্ৰসিদ্ধ পৱিত্ৰ “মা ত্ৰিপুৰা সুন্দৰী” মন্দিৰত দৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে মন্দিৰত আশিস লোৱাৰ লগতে সকলোৰে মংগল কামনাৰে সেৱা লয় মন্দিৰত।

You might also like