নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : ৰহা থানাৰ অন্তৰ্গত বাৰপূজীয়া জৰাবাৰীৰ এটি বাৰ বছৰীয়া কণমানি কিশোৰৰ এক কৰুণ কাহিনী। ঘৰে ঘৰে, বজাৰে বজাৰে খৰি বিক্ৰী কৰি পোহপাল দিব চলাইছে ৰুগীয়া পিতৃ আৰু পোন্ধৰ বছৰীয়া জ্যষ্ঠ ভগ্নীক। থাকিবলৈ নাই এটা নিৰাপদ ঘৰ, বৰষুণ পৰিলেই গোটেই ঘৰখন হৈ পৰে জলাহ। চৰকাৰ, জনপ্ৰতিনিধি কিম্বা পঞ্চায়ত, কাৰোৰে চকুত পৰা নাই ৰহাৰ সমীপৰ জৰাবাৰী আলিকুছিৰ এই পৰিয়ালটিক। দুৰ্ভাগ্যকে সাৰথি কৰি চলা পৰিয়ালটিৰ জীৱন সংগ্ৰামৰ কথা। জীৱনৰ গভীৰতা বুজি নৌপাওঁতেই জীৱন যুদ্ধত অৱতীৰ্ণ হৈছে এই কণমানিটো। মাতৃহাৰা কণমানিটোৱে অসুস্থ পিতৃৰ লগতে দায়িত্ব বহন কৰিব লগা হৈছে ১৫ বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ। ১২ বছৰীয়া এই কণমানিটোৰ নাম জনৈক কপিল নাথ। এই বাৰ বছৰীয়া কপিলে প্ৰতিদিনে চাইকেলত বোজা কৰি ঘৰে ঘৰে, পথে পথে ঘূৰি বিক্ৰী কৰিছে খৰি। এটাই মাত্ৰ উদ্দেশ্য ৰুগীয়া দেউতাক আৰু বায়েকক সুখেৰে এসাজ খুওৱা। মন কৰিবলগীয়া যে পখিলা খেদা বয়সতে মাতৃ হেৰুৱা কপিলক ডাঙৰ দীঘল কৰে বায়েক বিনীতাই। কিন্তু পিতৃৰ অসুস্থতাৰ বাবে কম বয়সতে ঘৰৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিবলগীয়া হৈছে মাত্ৰ ১২ বছৰীয়া কপিলে। চাইকেলেৰে খৰি বিক্ৰী কৰি তিনিজনীয়া পৰিয়ালটোক পোহপাল দি আছে কপিলে। কেতিয়াবা ঘৰৰ বাৰীৰ খৰি কাটি বিক্ৰী কৰে, আন কেতিয়াবা আকৌ আনৰ খৰি বিক্ৰী কৰি হাজিৰা লয় কপিলে। তেনেকৈয়ে দৰিদ্ৰ ঘৰখন চলাই আছে কপিলে। তাৰ মাজতে কপিলে অব্যাহত ৰাখিছে অধ্যয়ন। জাৱিব পৰা মতে কপিল বৰ্তমান শ্বহীদ হেমৰাম পাতৰ স্মৃতি হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ। পঢ়া শুনা কৰি ভবিষ্যতে এজন ভাল মানুহ হোৱাৰ সপোন আছে কপিলৰ। কিন্তু অসহায়। দাৰিদ্ৰ্য আৰু কম বয়সতে ল’বলগীয়া হোৱা দায়িত্ববোধে কপিলৰ সপোন সাকাৰ ৰূপ দিয়াত আহি পৰিছে বাধা। তাতোকৈ পৰিতাপৰ কথা যে কপিলৰ পিতৃ আৰু বায়েকক লৈ থাকিবলৈ নাই এটা নিৰাপদ ঘৰ। এটা ভগা উৰুখা পঁজাত থাকে এই তিনিটা মানৱ জীৱ। আকাশৰ তৰা দেখা জুপুৰিটোত বৰষুণ, বতাহ আহিলেই লৰ মাৰিব লাগে আনৰ ঘৰলৈ। আশ্ৰয় বিচাৰে আনৰ ওচৰত। প্ৰশ্ন হয় বাৰপূজীয়া কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জৰাবাৰী গাঁও পঞ্চায়তৰ আলিকুছি গাঁৱৰ এই অসহায় কিশোৰ-কিশোৰীৰ ওপৰত কিয় চকু পৰা নাই পঞ্চায়তৰ? তদুপৰি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে নিজা সমষ্টিৰ এই কৰুণ ছবিখন আজিলৈকে পৰা নাই দৃষ্টি। তদুপৰি আজিলৈকে এটা দুৰ্ভগীয়া পৰিয়ালটেৱে এটি চৰকাৰী ঘৰ পাবলৈ সক্ষম নোহোৱাটো অতিকৈ দূৰ্ভাগ্যজনক। কিন্তু অতিকৈ প্ৰয়োজনীয় এটি চৰকাৰী ঘৰ পাবলৈ অৱশেষত অসমৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ দুয়ো ভাতৃ-ভগ্নীয়ে জনাইছে কাতৰ অনুৰোধ- “মামা আমাক এটা ঘৰ লাগে, বৰষুণ দিলেই জলাহ হৈ পৰে আমাৰ ঘৰটো। আনৰ ঘৰত গৈ থাকিব লাগে। মামা, আমাক চকু মেলি চাওক। দেউতাই পঢ়া শুনা কৰাব নোৱাৰে, আমাৰ পঢ়াৰ ইচ্ছা আছে, মামা আমাক চাওক।” এনেদৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ দুই দুৰ্ভগীয়া ভাতৃ-ভগ্নীৰ কাতৰ আহ্বান। প্ৰশ্ন হয়, পঞ্চায়ত প্ৰতিনিধি , বিধায়ক বিদ্যমানত এটা ঘৰৰ বাবে এটি বাৰ বছৰীয়া কিশোৰে মুখ্যমন্ত্ৰীক কিয় আহ্বান জনাবলৈ বাধ্য হ’ল সেয়া অতি বিচাৰ্য বিষয় হৈ পৰিছে। পিছে এইবাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি এই দুৰ্ভগীয়া কণমানি কেইটাৰ ওপৰত পৰিবনে সেয়া সময়ত দেখা যাব।
প্ৰেৰক ভৱজ্যোতি ডেকা