নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তুৰস্ক–ছিৰিয়াত পুনৰ ভূমিকম্পৰ জোকাৰণি : মৃতকৰ সংখ্যা ৩৬ হাজাৰ অতিক্রম

বিশেষ বাৰ্তা, ১৪ ফেব্রুৱাৰীঃ ভূকম্পত বিধ্বস্ত তুৰস্ক আৰু ছিৰিয়াত উদ্ধাৰ অভিযান চলি থকাৰ মাজতে পুনৰ ৰিখ্টাৰ স্কেলত ৪.৭ প্রাবল্যৰ ভূকম্পই জোকাৰিলে তুৰস্কক৷ বিধ্বস্ত তুৰস্কৰ অঞ্চলত প্রতিদিনে উদ্ধাৰ অভিযান চলাই মৃতদেহ উদ্ধাৰ কৰি আছে৷ এই উদ্ধাৰ অভিযান চলি থকাৰ মাজতে আজি পুৱতিনিশা পুনৰ ৪.৭ প্রাবল্যৰ ভূঁইকঁপৰ জোকাৰণিয়ে ক্ষতিগ্রস্ত অঞ্চলৰ লোকৰ মাজত আতংকৰ সৃষ্টি কৰে৷ এই ভূমিকম্পত ক্ষতিৰ তথ্য এতিয়াও প্রকাশ পোৱা নাই৷ ইপিনে, তুৰস্ক আৰু ছিৰিয়াত মৃতকৰ সংখ্যা ৩৬ হাজাৰলৈ বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত তুৰস্কত মৃতকৰ সংখ্যা ৩১ হাজাৰ অতিক্রম কৰাৰ বিপৰীতে ছিৰিয়াত ৫ হাজাৰ অতিক্রম কৰিছে৷ যোৱা ৬ ফেব্রুৱাৰীত ৭.৮ প্রাবল্যৰ ভূমিকম্পই বিধ্বস্ত কৰা অট্টালিকাৰ ধ্বংসস্তূপৰ মাজৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে উদ্ধাৰকাৰী দলে অবিশ্বাস্য ধৰণে জীৱন্তে শিশু–মহিলা–পুৰুষক উদ্ধাৰ কৰি আছে৷ ধ্বংসস্তূপত গেলি–পচি যোৱা মৃতদেহ উদ্ধাৰ হৈছে৷ ধ্বংসস্তূপৰ তলত এতিয়াও বহুতো মৃতদেহ থকাৰ সম্ভাৱনা আছে৷ মৃতদেহৰ দুর্গন্ধত সমগ্র অঞ্চলত ক্ষতিগ্রস্ত নাগৰিকসকলে দুর্বিষহ জীৱন কটাই আছে৷ বিষাক্ত বায়ুৱে এতিয়া ক্ষতিগ্রস্ত অঞ্চলত নতুন বিপদ কঢ়িয়াই আনিছে৷ দেশখনৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ উদ্ধাৰকাৰী দলে ক্ষতিগ্রস্ত অঞ্চলত ক্ষিপ্রতাৰে অভিযান চলাই আছে যদিও শীতৰ প্রকোপৰ বাবে ধাৰণা কৰাৰ দৰে উদ্ধাৰ অভিযান আগবাঢ়ি যোৱা নাই৷ আনপিনে, তুৰস্কত উদ্ধাৰ হোৱা মৃতদেহ সমাধিস্থ কৰিবলৈ নির্ধাৰিত সমাধিস্থলৰ স্থানৰ অভাৱ হৈছে৷ এনে কাৰণত তুৰস্কৰ মাৰচত পাইন বনাঞ্চল চাফা কৰি সেই ঠাইত ৫ সহস্রাধিক মৃতদেহ সমাধিস্থ কৰা হৈছে৷ দুয়োখন দেশত এতিয়ালৈকে ৩৬ হাজাৰ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও মৃতকৰ সংখ্যা ইয়াৰ দুগুণ হোৱাৰ সম্ভাৱনা আছে বুলি ৰাষ্ট্রসংঘই প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে তুৰস্কত অট্টালিকা নির্মাণত অনিয়ম সংঘটিত হোৱাটো নিশ্চিত হোৱাৰ পাছতেই চৰকাৰে অট্টালিকা নির্মাণত জড়িত ১১৩জন লোকৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে৷ ভূকম্পত বিধ্বস্ত অট্টালিকাসমূহৰ অধিকাংশৰে নির্মাণত অনিয়ম হোৱাৰ বাবে ক্ষতিগ্রস্ত লোকৰ সংখ্যা বর্ধিত হোৱা বুলি বহুতে দাবী কৰাৰ পাছত চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ অট্টালিকা নির্মাণত জড়িত প্রতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷

You might also like