নিৰ্বাচনী বতাহত খদমদম ত্ৰিপুৰা : মিনি অসমত পৰিণত চুবুৰীয়া ৰাজ্য
বিশেষ বাৰ্তা, ১৪ ফেব্রুৱাৰীঃ মিনি অসমত পৰিণত হৈছে চুবুৰীয়া ৰাজ্য ত্রিপুৰা৷ অসমৰ ৰাজনৈতিক নেতাৰে ভৰি পৰিছে চুবুৰীয়া ৰাজ্যখন৷ অহা ১৬ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব ত্রিপুৰা বিধানসভা নির্বাচন৷ ইয়াৰ পৰিপ্রেক্ষিতত অসমৰ ৰাজনৈতিক নেতাসকলে যোৱা কিছুদিনৰ পৰা ত্রিপুৰাত বাহৰ পাতি নির্বাচনী প্রচাৰ অভিযানত উবুৰি খাই পৰিছে৷ ত্রিপুৰাত পুনৰ বিজেপিৰ চৰকাৰ গঠনৰ বাবে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্রী পীয়ূষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, ৰঞ্জিত কুমাৰ দাস, সাংসদ কামাখ্যা প্রসাদ তাছা, পল্লৱলোচন দাস, কুইন ওজা, বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োকে ধৰি বিভিন্নজন হাইপ্রফাইল নেতাই ত্রিপুৰাত ভাগে ভাগে হাইভল্টেজ নির্বাচনী প্রচাৰ চলাই আছে৷ আজিৰ দিনটোত মুখ্যমন্ত্রী ড০ শর্মাই গোলাগটি, আশ্রমবাৰী আৰু মাটৰবাৰীত বিজয় সংকল্প সমাৱেশত অংশগ্রহণ কৰে৷ গোলাগটিত দলীয় প্রার্থী হিমানী দেৱবার্মা, আশ্রমবাৰীত আই পি এফ টি–বিজেপি প্রার্থী জয়শ্রী দেৱবার্মা আৰু মাটৰবাৰীত অভিষেক দেৱৰয়ৰ হৈ মুখ্যমন্ত্রী ড০ শর্মাই নির্বাচনী প্রচাৰ চলাই ত্রিপুৰাৰ প্রগতি আৰু উন্নয়নৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে বিজেপিক সমর্থন কৰিবলৈ ৰাইজক আহ্বান জনায়৷ আটাইকেইখন বিজয় সংকল্প সমাৱেশত বিশাল জনসমাগম দেখি মুখ্যমন্ত্রী ড০ শর্মাই ত্রিপুৰাত জনসাধাৰণৰ ৰায় বিজেপিৰ সপক্ষে আহিব বুলি মন্তব্য কৰে৷ ইপিনে, শেহতীয়াকৈ অসম প্রদেশ কংগ্রেছ কমিটীৰ তৰফৰ পৰাও ত্রিপুৰাত কংগ্রেছ আৰু বাঁওপন্থী দলৰ হৈ নির্বাচনী প্রচাৰত নামি পৰা পৰিলক্ষিত হৈছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা, বিধায়ক প্রদীপ সৰকাৰকে ধৰি একাংশ কংগ্রেছ নেতাই ত্রিপুৰাত নির্বাচনী প্রচাৰ চলাই আছে৷ একেদৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তিপ্রা মথা দলৰ হৈ চুবুৰীয়া ৰাজ্যখনত নির্বাচনী প্রচাৰ আৰম্ভ কৰিছে৷ আজি ত্রিপুৰাত গোমতী জিলাৰ উদয়পুৰত তিপ্রা মথা দলৰ হৈ নির্বাচনী প্রচাৰ চলাই অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে উত্তৰ–পূর্বাঞ্চলৰ কোনোবা নেতাই যদি অসমৰ বাহিৰলৈ গৈ এই অঞ্চলৰ খিলঞ্জীয়াৰ কথা কৈছে, সেইগৰাকী ‘বুৱাগ্রা’ প্রদ্যুৎ মাণিক্য৷ বাকী যিসকল নেতা দিল্লীলৈ যায়, তেওঁলোকে দিল্লীৰ ওচৰত আঁঠু লৈ আহে৷ দিল্লীৰ চকুত চকু থৈ কথা কোৱাৰ সাহস দেখুৱাইছে প্রদ্যুৎ মাণিক্যইহে৷ প্রদ্যুৎ মাণিক্যৰ হাত শক্তিশালী কৰিবলৈ উত্তৰ–পূবৰ সকলো জাতীয়তাবাদী আঞ্চলিক দলে তিপ্রা মথাৰ প্রতি সমর্থন আগবঢ়োৱা উচিত বুলি গগৈয়ে মন্তব্য কৰে৷ ভাষণত গগৈয়ে ত্রিপুৰাৰ জনজাতি, খিলঞ্জীয়া ভূমিপুত্রৰ লগত অসমৰ খিলঞ্জীয়া ভূমিপুত্রও আছে বুলি মন্তব্য কৰে৷