নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাঞ্চল্যকৰ দাবী : এলটিটিইৰ মুৰব্বী ভেলুপিলাই প্রভাকৰণ জীৱিত

বিশেষ বাৰ্তা, ১৪ ফেব্রুৱাৰীঃ এতিয়াও জীৱিত ভেলুপিলাই প্রভাকৰণ৷ এল টি টি ইৰ মুৰব্বী ভেলুপিলাই প্রভাকৰণ জীয়াই থকা বুলি চাঞ্চল্যকৰ দাবী কৰিছে ৱর্ল্ড তামিল ফেডাৰেচনৰ অধ্যক্ষ পাঝা নেডুমাৰানে৷ শীঘ্রেই এল টি টি ইৰ মুৰব্বী প্রভাকৰণে ৰাজহুৱা প্রকাশ কৰিব বুলি নেডুমাৰানে সাংবাদিকৰ আগত ঘোষণা কৰাৰ পাছতেই আলোড়ন সৃষ্টি হৈছে৷ দ্বীপৰাষ্ট্র শ্রীলংকাত স্বতন্ত্র তামিল ৰাজ্য গঠনৰ লক্ষ্য লৈ ভেলুপিলাই প্রভাকৰণে প্রতিষ্ঠা কৰিছিল লিবাৰেচন টাইগার্ছ অৱ তামিল ইলম, চমুকৈ এল টি টি ই৷ শ্রীলংকাৰ লগতে বিশ্বৰ বাবে সশস্ত্র গেৰিলা অভিযানৰ অন্যতম শক্তিশালী সংগঠন হিচাপে পৰিচিত হৈ পৰা এল টি টি ইৰ মুৰব্বী ভেলুপিলাই প্রভাকৰণক ২০০৯ চনৰ ১৮ মে’ত শ্রীলংকা চৰকাৰে গুলীয়াই হত্যা কৰা বুলি ঘোষণা কৰিছিল৷ দ্বীপৰাষ্ট্রখনৰ মুলাইথিভু জিলাৰ মুলাই ভাইক্কলত শ্রীলংকাৰ সেনাৰ সৈতে হোৱা সংঘর্ষত এল টি টি ইৰ মুৰব্বী প্রভাকৰণ নিহত হোৱা বুলি ইতিমধ্যে চর্চিত যদিও ৱর্ল্ড তামিল ফেডাৰেচনৰ অধ্যক্ষ পি নাডুমাৰানে সংবাদ মাধ্যমৰ আগত প্রভাকৰণ জীৱিত বুলি দাবী কৰি আলোড়ন সৃষ্টি কৰিছে৷ সংবাদ মেলত নাডুমাৰানে কয়– ‘আমাৰ তামিল ৰাষ্ট্রীয় নেতা প্রভাকৰণ সন্দর্ভত সত্য কথা এটা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ৷ তেওঁ সুস্থ আৰু সুকলমে আছে৷ মই সমগ্র বিশ্বৰ তামিল জনতাৰ আগত ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে তেওঁৰ বিৰুদ্ধে চলি থকা উৎসুকতা আৰু পদ্ধতিগতভাৱে চলাই থকা প্রচাৰ সামৰণি পৰিব৷ এই কথাও নিশ্চিত কৰি কওঁ যে শীঘ্রেই তেওঁৰ ৰাজহুৱা প্রকাশ ঘটিব৷ তেওঁ তামিল জাতিৰ মুক্তিৰ কাৰণে এটা পৰিকল্পনা ঘোষণা কৰিব৷ বিশ্বৰ সকলো জনতাই ঐক্যবদ্ধ হৈ তেওঁক সমর্থন জনোৱা উচিত৷’ ৱর্ল্ড তামিল ফেডাৰেচনৰ অধ্যক্ষই প্রভাকৰণ জীৱিত থকা বুলি ঘোষণা কৰাৰ পাছত তামিলনাডু কংগ্রেছৰ সভাপতি কে এছ আলাগিৰিয়ে কয়– মই বৰ সুখী৷ যদি পাঝা নাডুমাৰানে মোক প্রভাকৰণক দেখুৱাব পাৰে, মই তালৈ যাম আৰু দেখা কৰিম৷ কোনো মোৰ সমস্যা নাই৷ উল্লেখ্য যে শ্রীলংকাত তামিলৰ বাবে পৃথক ৰাজ্যৰ দাবীৰে এল টি টি ই গঠন কৰি প্রভাকৰণে গৰিলা অভিযান আৰম্ভ কৰিছিল৷ এই গৰিলা অভিযানে দ্বীপৰাষ্ট্র শ্রীলংকাক শ’লঠেকত পেলোৱাৰ পাছত দ্বীপৰাষ্ট্রখনৰ চৰকাৰে এল টি টি ইৰ বিৰুদ্ধে শক্তিশালী সামৰিক অভিযান চলায়৷ সংগঠিত এল টি টি ইৰ শক্তিশালী ভেটিত শ্রীলংকাৰ সেনাই চলোৱা সামৰিক অভিযানত সংগঠনটো বিধ্বস্ত হোৱাৰ লগতে মুৰব্বী প্রভাকৰণো সেনাৰ হাতত নিহত হৈছিল৷ সেই সময়ত ৰাষ্ট্রপতি মহিন্দ্র ৰাজাপক্ষ নেতৃত্বাধীন চৰকাৰ আছিল৷ প্রভাকৰণৰ মৃত্যু হোৱা বুলি চৰকাৰখনে ঘোষণা কৰি মৃত প্রভাকৰণৰ বহু আলোকচিত্র আৰু ভিডি’ প্রচাৰ কৰিছিল৷ সেই সময়তে সেই আলোকচিত্র আৰু ভিডিঅ’ জালিয়াতি কৰা বুলি সন্দেহ কৰা হৈছিল৷ শ্রীলংকা চৰকাৰৰ হাতত মৃত্যু হোৱাৰ সময়ত প্রভাকৰণৰ বয়স আছিল ৫৪ বছৰ৷ নেডুমাৰানে এল টি টি ইৰ মুৰব্বী প্রভাকৰণ জীয়াই থকা বুলি ঘোষণা কৰিলেও তেওঁ ক’ত আছে, সেই সন্দর্ভত একো মন্তব্য কৰা নাই৷

You might also like