ৰহস্যৰ আৱৰ্তত ইউটিউবাৰ প্রিয়ালীনা নাথৰ মৃত্যুৰ ঘটনা
বিশেষ বাৰ্তা, ১৪ ফেব্রুৱাৰীঃ জনপ্রিয় ইউটিউবাৰ চাংকি ব্লগাৰখ্যাত প্রিয়ালীনা নাথৰ (১৯) ৰহস্যজনক মৃত্যুক লৈ মহানগৰীত সৃষ্টি হৈছে চাঞ্চল্য৷ যোৱা ১২ ফেব্রুৱাৰীত বামুণীমৈদামৰ ভাৰাঘৰৰ বন্ধ কোঠাত ৰহস্যজনকভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল নাথৰ মৃতদেহ৷ উল্লেখ্য যে আৰক্ষীয়ে মৃতদেহটো নমাই থোৱা অৱস্থাত উদ্ধাৰ কৰাক লৈও এতিয়া ৰহস্য ঘনীভূত হৈছে৷ মৃত ইউটিউবাৰগৰাকীৰ পৰিয়ালে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰাৰ পাছতেই কালি নিশা চানমাৰি আৰক্ষীয়ে তেওঁৰ স্বামী পংকজ নাথক (৩০) গ্রেপ্তাৰ কৰে যদিও প্রকৃততে এয়া আত্মহত্যা নে হত্যাকাণ্ড সেয়া নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে৷ আৰক্ষী সূত্রই জনোৱা মতে কালি পুৱা প্রায় ৯ বজাত বামুণীমৈদামৰ বর্ণাচল এলেকাৰ ১নং উপ–পথৰ পৰা পংকজ নাথ নামৰ যুৱকজনে ফোনযোগে পত্নীৰ আত্মহত্যা সন্দর্ভত আৰক্ষীক অৱগত কৰে৷ সেইমতে আৰক্ষী গৈ ঘটনাস্থলীত মৃতদেহটো মজিয়াত পৰি থকা দেখি হতভম্ব হৈ পৰে৷ প্রিয়ালীনাৰ স্বামী পংকজে আৰক্ষীক দিয়া স্বীকাৰোক্তিমর্মে পুৱা বহুবাৰ দুৱাৰত ঢ়কিয়ায়ো কোনো সঁহাৰি নোপোৱাত দুৱাৰ ভাঙি সোমাই পত্নীক চিপ লৈ ওলমি থকা অৱস্থাত প্রত্যক্ষ কৰে৷ কিন্তু কিবা কাৰণত জীয়াই থকাৰ আশাৰে মৃতদেহটো নিজে নমাই নি বুকুত হেচুকি জীয়াই তোলাৰ চেষ্টা কৰে৷ কিন্তু সকলো চাইচিতি প্রিয়ালীনাৰ মৃত্যু হোৱাটো নিশ্চিত হৈ লগে লগে আৰক্ষীক খবৰ দিয়ে৷ ইপিনে, এই ঘটনাটোক সহজভাৱে ল’ব নোৱাৰি প্রিয়ালীনাৰ পিতৃ প্রণৱ নাথে চানমাৰি থানাত স্বামী পংকজ নাথৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে৷ যুৱতীগৰাকীৰ দেহৰ বিভিন্ন অংশত আঘাতৰ চিন প্রত্যক্ষ কৰি পৰিয়ালে এয়া হত্যাকাণ্ড বুলি অভিযোগ কৰাৰ পৰিৱর্তে পংকজৰ পৰিয়ালে এই অভিযোগক নস্যাৎ কৰিছে৷ উল্লেখ্য যে যোৱা ৩ মাহ পূর্বে পংকজ আৰু প্রিয়ালীনাৰ আইনী বিবাহ সম্পন্ন হৈছিল৷ মাজে–সময়ে দুয়োৰে মাজত তর্ক–বিতর্কও হৈছিল বুলি জানিব পৰা গৈছে৷ কিন্তু এই কন্দলে এনে চূড়ান্ত ৰূপ পাব বুলি কোনোপক্ষই হয়তো আশা কৰা নাছিল৷ কালি মৃতদেহটো উদ্ধাৰ কৰাৰ পাছতেই মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালবর্গক অর্পণ কৰা হয়৷ কালিয়েই তেওঁৰ শেষকৃত্যও সম্পন্ন কৰা হয়৷ প্রাথমিক তদন্তত আৰক্ষীয়ে এয়া আত্মহত্যা বুলি সন্দেহ কৰিছে যদিও আন কাৰণো ইয়াৰ সৈতে জড়িত থকাৰ সম্ভাৱনা নথকা নহয় বুলি সূত্রটোৱে উল্লেখ কৰিছে৷ ঘটনাটো সন্দর্ভত ভাৰতীয় দণ্ডবিধিৰ ৩০২নং ধাৰাৰ অধীনত ৫৮/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি সম্প্রতি তদন্ত অব্যাহত ৰাখিছে চানমাৰি আৰক্ষীয়ে৷