নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখনো ৰে’ল নৰখা ভাৰতৰ একমাত্ৰ ব্যতিক্ৰম ৰে’লৱে জংচন শ্ৰীপুৰীয়া গাঁও ৰে’লৱে ষ্টেচন

নিয়মীয়া বাৰ্তা,  ১৪ ফেব্ৰুৱাৰী: আপুনি বাৰু ৰে’লৱে জংচন নতুবা ষ্টেচন দেখিছে নে ? নিশ্চয়কৈ আপুনি বহু ৰে’লৱেৰ সৰু বৰ জংচন নতুবা ষ্টেচন দেখিছে ! সাধাৰণতে আপুনি মই জানো যে এটা ৰে’লৱে জংচন অথবা ষ্টেচনত ৰে’ল ৰখে আৰু সেই স্থানতেই যাত্ৰীসকল ৰে’লত উঠি বিভিন্ন দূৰদূৰণিৰ ঠাইলৈ যাত্ৰা কৰে ৷ সেই স্থানতেই টিকট কটাৰ লগতে প্লেটফৰ্মত থাকিব অনেক বিনামূলীয়া সুবিধা ৷ কিন্তু আজি আমি জনাব বিচাৰিছোঁ এটা ব্যতিক্ৰম জংচন, য’ত নৰখে কোনো এখন ৰে’ল, নাই কোনো প্লেটফৰ্ম, নাই কোনো টিকট কাউন্টাৰ, নাই কোনো বিনামূলীয়া সুবিধা ৷ হয়, আপুনি ঠিকেই বুজিছে তিনিচুকীয়াত আছে তেনে এটা ৰে’লৱে জংচন য’ত নৰখে কোনো এখনো ৰে’ল, নাই কোনো প্লেটফৰ্ম, নাই কোনো এটাও টিকট কাউন্টাৰ আৰু সেয়েহে উক্ত ৰে’লৱে জংচনটো একমাত্ৰ ভাৰতৰ ভিতৰত ব্যতিক্ৰম ৰে’লৱে জংচন ৷ বাণিজ্যিক চহৰ তিনিচুকীয়াৰ গাতে লাগি থকা সেই ভাৰতবৰ্ষৰ একমাত্ৰ ব্যতিক্ৰম ৰে’লৱে জংচনটোৰ নাম  “শ্ৰীপুৰীয়া গাঁও ৰে’লৱে জংচন” ৷ শ্ৰীপুৰীয়া গাঁও ৰে’লৱে জংচনটো শ্ৰীপুৰীয়াত অৱস্থিত ৷ উক্ত ৰে’লৱে জংচনটোৰ ৰে’লৱে কড্‌ হৈছে “SPJN” ৷ জংচনটোত ষ্টেচন মাষ্টৰকে ধৰি তিনি জনৰ পৰা পাঁচজন পয্যন্ত কৰ্মচাৰী থাকে ৷ জংচনটোত কোনো ৰে’ল নৰখে যদিও প্ৰতিটো মূহূৰ্ততে ব্যস্ত থাকিব লগা হয় ৰে’লৱে কৰ্মচাৰীসকল ৷ জনপ্ৰিয় বলিউদৰ অভিনেতা অমৃতাভ বচ্চনৰ কৌন বনেগা কৌড়ৰপতিৰ অনুষ্ঠানত স্থান পাইছিল এই জংচনটোৰ প্ৰশ্নই ৷ শ্ৰীপুৰীয়া গাঁও ৰে’লৱে জংচনটোৰ পৰা হিজুগুৰিত অৱস্থিত নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনৰ দূৰত্বৰ সময় লাগে মাত্ৰ ৭-৮ মিনিট ৷ এই জংচনটোৱেদি  দিনটোত পেছেঞ্জাৰকে আদি কৰি ৰাজধানী এক্সপ্ৰেছ পয্যন্ত সকলো বিশেষ ৰে’ল মুঠতে ১০ খনৰ পৰা ২৫ খন পয্যন্ত প্ৰতিদিনে ডিব্ৰুগড়, তিনিচুকীয়াৰ লগতে মাৰ্ঘেৰিটা, লিডু দিশৰ পৰা গুৱাহাটী, দিল্লীৰ অভিমুখে যাত্ৰা কৰে ৷ গতিকে ক’ব পাৰি যে কোনো প্লেটফৰ্ম বা টিকট কাউন্টাৰ নাথাকিলেও সদাব্যস্ত এই শ্ৰীপুৰীয়া গাঁও ৰে’লৱে জংচনটো কিমান এটা গুৰুত্বপূৰ্ণ জংচন ৷

   এই শ্ৰীপুৰীয়া গাঁও ৰে’লৱে জংচনটোৱে ডিব্ৰুগড়-নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচন আৰু পুৰণা তিনিচুকীয়া ৰে’লৱে ষ্টেচন-ডিগবৈ-মাৰ্ঘেৰিটা-লিডুৰ ৰে’লৱে লাইনক সংযুক্ত কৰিছে ৷ এই ৰে’লৱে জংচনটোৰ ওপৰতেই নিৰ্ভৰ কৰিব যে দিল্লী-গুৱাহাটী দিশৰ পৰা অহা ৰে’লখন নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচন হৈ ডিব্ৰুগড়লৈ যাব নে পুৰণা তিনিচুকীয়া ৰে’লৱে ষ্টেচন হৈ মাৰ্ঘেৰিটা-লিডুলৈ যাব ৷ এই শ্ৰীপুৰীয়া গাঁও ৰে’লৱে জংচনটোৰ পৰা যিহেতু নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনলৈ দূৰত্ব মাত্ৰ ৭ কিল’মিটাৰ আৰু তিনিচুকীয়া ৰে’লৱে ষ্টেচনলৈ মাত্ৰ দূৰত্ব ৪.৬ কিল’মিটাৰ, সম্ভৱত সেইকাৰণেই এই জংচনটোত কোনো ৰে’ল ৰখাটো প্ৰয়োজনবোধ কৰা নাই যিটো কাৰণে কোনো প্লেটফৰ্মৰ লগতে টিকট কাউন্টাৰ নাই ৷ উল্লেখযোগ্য যে, উক্ত বিশেষ ৰে’লৱে জংচনটোলৈ কৰ্মচাৰীৰ লগতে যিকোনো লোক যাবলৈ নাই কোনো সু-ব্যৱস্থা ৷ কোনো পথ নথকাৰ হেতুকে কৰ্মচাৰীসকলে প্ৰায় আধা কিল’মিটাৰ দূৰত্বত যানবাহন ৰাখি ৰে’লৱে লাইনৰ ওপৰেৰে খোঁজ কাঢ়িয়েই যাত্ৰা কৰিব লাগে জংচনটোলৈ ৷ গতিকে এইক্ষেত্ৰত কৰ্মচাৰীসকলৰ যথেষ্ট অসুবিধাৰো সৃষ্টি হোৱাৰ কথা অৱগত কৰে সংবাদমাধ্যমত ৷

প্ৰেৰক:-বিবেক বড়া, তিনিচুকীয়া

You might also like