ত্রিপুৰাত প্ৰচাৰৰ মাজতে মন্দিৰ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী: অসমৰ ৰাজনৈতিক নেতাৰে ভৰি পৰিছে চুবুৰীয়া ৰাজ্য ত্রিপুৰা৷ অহা ১৬ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব ত্রিপুৰা বিধানসভা নির্বাচন৷ ইয়াৰ পৰিপ্রেক্ষিতত অসমৰ ৰাজনৈতিক নেতাসকলে যোৱা কিছুদিনৰ পৰা ত্রিপুৰাত বাহৰ পাতি নির্বাচনী প্রচাৰত অংশ লৈছে৷
ত্রিপুৰাত পুনৰ বিজেপিৰ চৰকাৰ গঠনৰ বাবে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে অসম চৰকাৰৰ মন্ত্রী পীয়ূষ হাজৰিকাই ত্রিপুৰাত বহুকেইখন হাইভল্টেজ নির্বাচনী প্রচাৰ চলাইছে৷
ইয়াৰ সমান্তৰালকৈ আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকাৰ মাজতে ত্ৰিপুৰাৰ বিখ্যাত আৰু পৱিত্ৰ মন্দিৰসমূহ পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। মন্দিৰসমূহ পৰিদৰ্শন কৰি সকলোৰে কল্যাণৰ বাবে প্ৰাৰ্থনা জনায় মন্ত্ৰী হাজৰীকাই।