নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ অসমত প্ৰৱেশ কৰিব বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখী প্ৰমোদতৰী এম ভি গংগা-বিলাস

  •  বিয়লি ৪ বজাত উপস্থিত হ’ব ধুবুৰীৰ জাহাজঘাটত

 

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ অভিমুখে যাত্ৰা কৰা এম ভি গংগা-বিলাস নামৰ বিলাসী প্ৰমোদতৰীখন অহাকালি পাবহি অসম। জানিব পৰা মতে, কাইলৈ বিয়লি ৪ মান বজাত বাংলাদেশৰ চিলমাৰী হৈ বৰলুইতেৰে উপস্থিত হ’ব ধুবুৰীত। ধুবুৰী চহৰৰ পঞ্চুঘাটস্থিত ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটত সেইখনৰ পৰ্য্যটক আৰু কৰ্মচাৰীসকলৰ অভিবাসন (immigration)ৰ কাম-কাজসমূহ সম্পন্ন কৰা হ’ব। অৱশ্যে বৰ লুইতৰ জলস্তৰ কম থকা বাবে প্ৰমোদতৰীখন জাহাজঘাটলৈ অহাৰ সম্ভাৱনা কম।

এক সূত্ৰই সদৰি কৰা মতে, পাৰঘাটৰ কিছু আঁতৰত লংগৰ কৰা হ’ব সেইখন আৰু তাৰ পৰা সৰু জলযানেৰে পৰ্য্যটকসকলক অনা হ’ব পাৰলৈ। ইপিনে ধুবুৰীত এনিশা কটাবলগীয়া জাহাজখনৰ ৩৩গৰাকী চুইডিছ পৰ্য্যটকক আদৰিবলৈ ব্যাপক তৎপৰতা আৰম্ভ হৈছে জিলা প্ৰশাসনৰ। ইতিমধ্যে ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাট চৌহদত নিৰ্মাণ কৰা হৈছে অস্থায়ী পেণ্ডেল। অৱশ্যে প্ৰশাসনে বৰ্তমানলৈ আনুষ্ঠানিক জনোৱা নাই যদি জানিব পৰা মতে, কাইলৈ অৰ্থাৎ ১৭ ফেব্ৰুৱাৰীৰ দিনা ধুবুৰী জাহাজঘাটত আদৰাৰ পিছত তেওঁলোকৰ অভিবাসনৰ কাম-কাজখিনি কৰা হ’ব।

জাহাজঘাট চৌহদত আয়োজিত আদৰণি অনুষ্ঠানত অনুষ্ঠিত হ’ব এক সাংস্কৃতিক কাৰ্য্যক্ৰমো। কালি নিশা পৰ্য্যটকসকলে তেওঁলোকে অহা জাহাজখনতেই ৰাত্ৰিযাপন কৰাৰ পিছত, পিছদিনা অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীৰ পুৱা ৬-৩০টা মান বজাত পৰ্য্যটকসকলে ধুবুৰীৰ গৌৰীপুৰৰ সমীপৰ টেৰাকোটা গাওঁ খ্যাত আশাৰীকান্দি গাওঁ ভ্ৰমণ কৰিব। তাৰ পৰা পোনে পোনে আহি ধুবুৰীৰ ঐতিহ্যমণ্ডিত ‘”শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা’’ দৰ্শন কৰিব তেওঁলোকে। তাৰপিছত কাষতে থকা তেতুলতলাত প্ৰাক স্বাধীনোত্তৰ যুগত ব্ৰিটিছে স্থাপন কৰা দূৰ্মূল্য শ্বেত মাৰ্বল পাথৰেৰে নিৰ্মিত ৰাণী ভিক্টোৰিয়াই পূৰ্ণ অবয়বৰ প্ৰতিমূৰ্তিটো পৰিদৰ্শন কৰিব পৰ্য্যটকসকলে। সিদিনাই অৰ্থ্যাৎ অহা ১৮ ফেব্ৰুৱাৰীৰ দুপৰীয়া ১২-৩০ মান বজাত বৰলুইতেৰে গোৱালপাৰাৰ পঞ্চৰত্ন অভিমুখে যাত্ৰা কৰিব প্ৰমোদতৰী গংগা-বিলাসে। স্মৰ্তব্য যে, বিগত ১৩ জানুৱাৰীৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমেৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিছিল বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ ৰূপে আখ্যায়িত এম ভি গংগা-বিলাসৰ। বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখী সেই যাত্ৰাৰ ৩৫তম দিনত কাইলৈ অসমৰ ধুবুৰী পাবহি সেইখন।

উল্লেখ্য যে, দেশৰ পৰ্যটন ক্ষেত্ৰখনত নতুন দিগন্ত ৰচনা কৰি বাৰাণসীৰ পৰা যাত্ৰা কৰা সেই প্ৰমোদতৰীখনে ভাৰত আৰু চুবুৰীয়া বাংলাদেশৰ সৰ্বমুঠ ২৭ খনকৈ নদী প্ৰণালীৰে ৩,২০০ কিলোমিটাৰৰ দৈৰ্ঘ্যৰ নদী পথ অতিক্ৰমি উপস্থিত হ’ব ডিব্ৰুগড়ত। ইপিনে, কাইলৈ প্ৰমোদতৰীখন ধুবুৰীলৈ আহি উপস্থিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে অসম চৰকাৰৰ আভ্যন্তৰিণ জল পৰিবহন বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়া গুৱাহাটীৰ পৰা আহি বাহৰ পাতিছে ধুবুৰীত। আনহাতে কাইলৈৰ ধুবুৰী জাহাজঘাটত পৰ্য্যটক সকলক আদৰণি জনোৱাৰ সেই বিশেষ কাৰ্য্যসূচীত উপস্থিত থাকিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও।

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like