নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ ৰীতা চৌধুৰীলৈ মূলাগাভৰু বঁটা

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী: চলিত বর্ষৰ বীৰাংগনা মূলাগাভৰু বঁটা প্রদান কৰা হ’ব বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীক৷ সাহিত্যৰ ক্ষেত্রখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক এই সন্মানেৰে সন্মানিত কৰা হ’ব৷  দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত এই কথা সদৰী কৰি তাই আহোম যুৱ পৰিষদৰ কার্যকৰী সভাপতি ভৃগু হাতীমূৰীয়াই কয় যে অহা ২ এপ্রিলত ড০ চৌধুৰীক বঁটা প্রদান কৰা হ’ব৷ চৰাইদেউ জিলাৰ সোণাৰিৰ ভগৱতী প্রসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া দিনজোৰা কার্যসূচীৰ সময়তে ড০ চৌধুৰীক মূলাগাভৰু বঁটা প্রদান কৰা হ’ব৷ এই বঁটাত থাকিব এযোৰ আহোমৰ যুদ্ধৰ সাজপাৰ, এখন হেংদাং, এখন মানপত্র, এটি স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা৷ এই কথা ঘোষণা কৰি তেওঁ কয়– ‘২০১৩ বর্ষৰ পৰা বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত কৰি অহা হৈছে৷ এই মহান মহীয়সী নাৰীগৰাকীক কেৱল শ্লোগানৰ ভিতৰত সীমাবদ্ধ নাৰাখি যথোচিত সন্মান জনোৱাৰ উদ্দেশ্যে এই বটাঁ প্রদান কৰি অহা হৈছে৷ এইবাৰৰ বঁটা প্রদান অনুষ্ঠানত অসমৰ সমাজ জীৱনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, সমাজ সংগঠক আৰু ৰাজনীতিবিদ উপস্থিত থাকিব৷’

You might also like