মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্লেক পেন্থাৰ বা ঘোং দৰ্শনৰ সৌভাগ্য পৰ্যটকৰ
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী: বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এতিয়া পৰ্যটকে সঘনাই দেখাৰ সৌভাগ্য হৈছে বনৰজা । ৰাষ্ট্ৰীয় উদ্যানখনত পূৰ্বতকৈ জীৱ-জন্তু বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিততেই এতিয়া ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহি নিৰাশ হৈ উভতিবলগা হোৱা নাই পৰ্যটক ৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত কেবাগৰাকীও পৰ্যটকে দেখাৰ সৌভাগ্য হ’ল মানাহৰ ব্লেক পেন্থাৰ অথবা ঘোং । এই প্ৰকাণ্ড প্ৰাপ্তবয়স্ক ব্লেক পেন্থাৰটো ভালেখিনি সময়ৰ বাবে দৰ্শনৰ সৌভাগ্য হৈছিল পৰ্যটকৰ ।
ইতিমধ্যে ব্লেক পেন্থাৰটোৰ দৃশ্য কেমেৰাত আৱদ্ধ কৰিবলৈ সক্ষম হয় পৰ্যটকৰ লগতে মানাহৰ গাইডসকলে । ইয়াৰ সমান্তৰালকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত ভিন্ন প্ৰজাতিৰ বাঘ নিজ চকুৰে চোৱাৰ সৌভাগ্য হৈছে মানাহৰ পৰ্যটকৰ । উল্লেখ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি ৫২ টা প্ৰাপ্তবয়স্ক আৰু আঠটা পোৱালিসহ মুঠ ৬০ টা বাঘ থকা বুলি জানিব পৰা গৈছে ।