নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহৰ ব্যৱসায়েৰে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস নগাঁৱৰ দুই ভাতৃৰ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী: একাপ চাহ ৷ ব্যস্ততাৰ মাজত অবসাদ দূৰ কৰিবলৈ সকলোকে লাগে একাপ চাহ ৷ সেয়ে সকলো দৌৰে চাহৰ দোকানলৈএকাপ চাহ সেৱন কৰিবৰ বাবে ৷  সকলোয়ে বিচাৰে পৰিস্কাৰ পৰিচন্ন স্বাস্হ্যৰ ক্ষতি নোহোৱা স্হানত একাপ চাহ পি অবসাদ দূৰ কৰিবলৈ ৷ নগাঁৱৰ দুই উচ্চ শিক্ষিত যুবকে মানুহৰ মন বুজি আপোনাৰ মোৰ হাতত তুলি দিবলৈ চেষ্টা কৰিছে একাপ সুস্বাদু যুক্ত চাহ ৷ নিজ হাতৰে প্ৰস্তুত কৰি হাঁহি মূখৰে বিচৰাৰ দৰে চাহকাপ গ্ৰাহকৰ হাতত তুলি দি জনপ্ৰিয়তা লাভ কৰিছে নগাঁও চহৰৰ দুই অসমীয়া যুবকে ৷  যুবক দুজন হ’ল দেবাংশু গোস্বামী আৰু অৰ্নিবান গোস্বামী ৷ দুই ককাইভাই মিলি ২০২২ চনৰ ডিচেম্বৰ মাহত আৰম্ভ কৰে চাহৰ ব্যৱসায় ৷ নগাঁও চহৰৰ মাৰোৱাৰী পট্টিৰ ইউ আৰ ৰোডত আৰম্ভ কৰিলে ‘কৰক চাহ’ (Karak chaa ) নামৰ এখন চাহৰ বিপনীৰ ৷ দেবাংশু গোস্বামীয়ে এম কম এল এল বি কৰাৰ লগতে চাইবাৰ ক্ৰাইমৰ পাঠ্যক্ৰমৰ ডিপ্লমা অধিকাৰী ৷
ইফালে ভায়েক অৰ্নিবান ইনটেৰৰ’ ডিজাইনিঙৰ শিক্ষাৰে শিক্ষিত ৷ মোম্বাইৰ পাল একাডেমীৰ পৰা ২০২০ চনত শিক্ষা গ্ৰহণ কৰি অৰ্নিবানে ককায়েক দেবাংশুৰে মিলি আৰম্ভ কৰে এই চাহৰ ব্যৱসায় ৷ নিজাকৈ কিবা এটা কৰাৰ হেপাহ থকা দেবাংশু আৰু অৰ্নিবানে চাহৰ ব্যৱসায় কৰি সফলতা লভিছে কম দিনতে ৷ শিক্ষিত যুবক দুজনে চাহৰ প্ৰতিস্হানটি নিয়োগ কৰিছে দুজনকৈ কৰ্মচাৰী ৷ অৰ্নিবানৰ মতে চাহ বনাই বিক্ৰি কৰি আশা কৰাৰ দৰে ফলাফল লাভ কৰিছে ৷ থলুৱা চাহৰ এক সুন্দৰ বজাৰ থকাৰ কথা ব্যক্ত কৰে ৷ সকলো অসমীয়া যুবক যুবতীক হাতে কামে যি কোনো ব্যৱসায়ত আত্ম নিয়োগ কৰি স্বাবলম্বী হবলৈ আহ্বান জনাই ২৪ বছৰীয়া যুবকজনে ৷
উল্লেখ্য এই যে নগাঁৱৰ প্ৰতিস্হিত ব্যৱসায়ী দিলীপ গোস্বামীৰ দুই উচ্চ শিক্ষিত সন্তান দেবাংশু আৰু অৰ্নিবানে আৰম্ভ কৰা ‘কৰক চাহৰ ‘প্ৰতিস্হান সাত প্ৰকাৰৰ স্বাদৰ চাহ ৰাখিছে ৷ লগতে প্ৰতিস্হানটি প্লাষ্টিক মুক্ত কৰি ৰাখিছে ৷ প্লাষ্টিক ব্যৱহাৰৰ পৰিবৰ্তে মাটিৰ কাপত দেবাংশু আৰু অৰ্নিবানে আগবঢ়াই দিয়ে সুস্বাদ যুক্ত চাহ ৷
You might also like