ধুবুৰী জিলা সাহিত্য সভাৰ সহযোগত ভোলানাথ কলেজত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া, বাংলা, আৰু হিন্দী বিভাগৰ উদ্যোগত তথা ধুবুৰী জিলা সাহিত্য সভাৰ সহযোগত আন্তৰ্জাতিক আজি মাতৃভাষা দিৱস পালন কৰা হয়। অনুষ্ঠানটোৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিশিষ্ট শিল্পী লোকনাথ গোস্বামী ৰচিত মহাবিদ্যালয় সংগীত পৰিবেশ কৰে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন্দ্ৰজিত শৰ্মাই সঞ্চালনা কৰা সভাখন উদ্বোধন কৰে ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে। মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদে (নাক) মহাবিদ্যালয়খনক অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰেৰে সন্মানীয় এ-প্লাচ স্থান লাভ কৰা বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ ধ্ৰুৱ চক্ৰৱৰ্তী আৰু মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ডঃ সুস্মিতা সেন গুপ্তাক ধুবুৰী জিলা সাহিত্য সভাৰ তৰফৰ পৰা গামোচা, জাপি আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। সভাখনত ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰনী কান্ত ৰায়, সম্পাদক আজাদ আলী আহমেদ, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক দীপক পাটোৱাৰী, চাপৰ শাখা সাহিত্য সভাৰ সভাপতি হৰ কুমাৰ ৰায় আৰু সম্পাদক অতনু কুমাৰ দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিবৃন্দই অংশ গ্ৰহণ কৰে। ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা ক্ৰমে ডঃ কৰুণা কান্ত দাস, ডঃ অলকা শৰ্মা, ডঃ পলী বেজবৰুৱা, দেৱশ্ৰী ৰায়, ছাইফুল হাচান, সংগীতা ৰায়,কল্পনা পাঠক, মিতালী ঘোষ, ৰাণা কংস বণিক্য, শ্ৰীজুতি, ধৰিত্ৰী সৰকাৰ, গ্ৰন্থগাৰিক কংকনা চক্ৰৱৰ্তী প্ৰমুখ্যে বহু ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কাৰ্য্যসূচীৰ সঞ্চালনাৰ দায়িত্বত থকা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন্দ্ৰজিত শৰ্মাই দিয়া এক মনোজ্ঞ ভাষণত মাতৃভাষাৰ সংৰক্ষণ আৰু বহুল প্ৰচাৰৰ বাবে সকলোকে যত্নপৰ হবলৈ আহ্বান জনায়। অন্তত জাতীয় সংগীত পৰিবেশনেৰ আজিৰ সেই বিশেষ কাৰ্য্যসূচীৰ সমাপ্তি ঘটে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী