নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও বিহুতলীৰ আদৰণী তোৰণৰ আধাৰশিলা স্থাপন উপায়ুক্তৰ

বার্তা বুৰো, ২২ ফেব্ৰুৱাৰীঃ মৰিগাঁৱৰ সমাজ জীৱন আৰু সাংস্কৃতিক দিশত এক গুৰুত্বপূৰ্ণ স্থান ৰূপে বিবেচিত হয় অহা ঐতিহাসিক মৰিগাঁও বিহুতলীত আজি মৰিগাঁৱৰ অগ্ৰণী সমাজসেৱক তথা মৰিগাঁও সদৰ বিহু সন্মিলনীৰ সম্পাদক মুকুল হাজৰিকা তথা তেওঁৰ পৰিয়ালবৰ্গই আগবঢ়োৱা এখনি আদৰণী তোৰণৰ আধাৰশিলা স্থাপন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই। মৰিগাঁও সদৰ বিহু সন্মিলনীৰ অন্যতম বিষয়ববীয়া জয়ন্ত ডেকাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে মৰিগাঁও সদৰ বিহু সন্মিলনীৰ সভাপতি হৰেন্দ্ৰ বৰা, মৰিগাঁও জিলা পৰিসদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা, মৰিগাঁও সদৰ বিহু সন্মিলনীৰ বিষয়ববীয়া ৰোহিণী হাজৰিকা, চিমল দেউৰী, ৰাজু শৰ্মা, কল্লোল বৰা, অজিত কুমাৰ শৰ্মা, সাগৰ হাজৰিকা, প্ৰভাত ডেকা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখ্য যে মৰিগাঁও সদৰ বিহু সন্মিলনীৰ সম্পাদক মুকুল হাজৰিকা তেওঁৰ পত্নী জয়া হাজৰিকা তথা পৰিয়ালে তেওঁলোকৰ প্ৰয়াত পিতৃ পদ্মকান্ত হাজৰিকাৰ স্মৃতিত এই তোৰণখন আগবঢ়োৱা বুলি ঘোষণা কৰে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like