গোপন অংগত স্পর্শ কৰিছিল পৃথ্বিয়ে! জে’লৰ পৰা ওলায়েই ওলোটা সুৰ স্বপ্নাৰ
নিয়মীয়া বাৰ্তা, ২৩ ফ্ৰেব্ৰুৱাৰীঃ পৃথ্বি শ্বক প্রহাৰ কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা হয় এগৰাকী ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ আৰু অভিনেত্রীক৷ জামিন লাভ কৰাৰ পিছত ওলোটাই পৃথ্বিৰ বিৰুদ্ধেই শ্লীলতাহানিৰ অভিযোগ কৰে স্বপ্না গিল নামৰ ভোজপুৰী অভিনেত্রীগৰাকীয়ে৷ সোমবাৰে মুম্বাই থানালৈ গৈ পৃথ্বি শ্বৰ বিৰুদ্ধে অভিযোগ তুলি স্বপ্ণাই কয় যে ক্রিকেটাৰগৰাকীয়ে তেওঁৰ শৰীৰৰ গোপন অংগত স্পর্শ কৰিছিল৷
অভিনেত্রীগৰাকীয়ে ক্রিকেটাৰগৰাকীৰ বিৰুদ্ধে শ্লীলতাহানিৰ অভিযোগ তুলি গোচৰো ৰুজু কৰিছে৷ উল্লেখ্য যে ছেলফি উঠিবলৈ সন্মত নোহোৱা বাবে পৃথ্বিক আক্রমণ কৰা বুলি স্বপ্নাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল ভাৰতীয় ক্রিকেটাৰগৰাকীয়ে৷ ইয়াৰ বিপৰীতে স্বপ্নাৰ দাবী তেওঁ ক্রিকেটাৰগৰাকীক চিনি নাপায়৷ বন্ধুৰ বাবেহে ছেলফি তুলিবলৈ গৈছিল তেওঁ৷ সেই সময়ত নিচাসক্ত অৱস্থাত স্বপ্ণাৰ শ্লীলতা হানি কৰে পৃথ্বিয়ে৷ তেওঁৰ শ্লীলতা হানি কৰাৰ উপৰি স্বপ্নাৰ বন্ধুৰ ফোন কাঢ়ি নি পৃথ্বিয়ে ভাঙি পেলোৱা বুলিও অভিযোগ কৰে৷ তদুপৰি স্বপ্নাই ধন দাবী কৰাৰো অভিযোগ কৰে পৃথ্বিয়ে৷
ইপিনে, স্বপ্নাৰ দাবী ‘মই কিয় টকা বিচাৰিম? দুটা ৰীল বনালেই ইয়াতকৈ বেছি টকা আয় কৰিব পাৰোঁ৷’ উল্লেখ্য যে স্বপ্না গিল আৰু তেওঁৰ বন্ধুৱে পৃথ্বিক লাঠীৰে প্রহাৰ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল৷ ইয়াৰ পিছতে পৃথ্বিৰ বন্ধুৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছিল স্বপ্নাসহ ৮জন বন্ধুক৷ তিনি দিন জে’ল হেফাজতত থকাৰ পিছত কালি মুক্তি লাভ কৰে স্বপ্নাই৷ তাৰ পিছতে ভাৰতীয় ক্রিকেটাৰগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে তেওঁ৷