নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসমূহলৈ কেন্দ্রৰ নির্দেশঃ প্রথম শ্রেণীত ভর্তিৰ নূন্যতম বয়স ৬ বছৰ

নিয়মীয়া বাৰ্তা, ২৩ ফ্ৰেব্ৰুৱাৰীঃ ৰাষ্ট্রীয় শিক্ষানীতি অনুসৰি বিদ্যালয়ৰ প্রথম শ্রেণীত ভর্তিৰ বাবে শিক্ষার্থীসকলৰ নূন্যতম বয়স হ’ব লাগে ৬ বছৰ৷ কিন্তু একাধিক ৰাজ্যই এই নিয়ম মানি চলা নাই৷ পূর্বে এই বিষয়টো সন্দর্ভত ৰাজ্যসমূহলৈ নির্দেশনা জাৰি কৰিছিল কেন্দ্রই৷ এইবাৰ পুনৰ নতুন নির্দেশনা প্রেৰণ কৰা হৈছে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ৷ ২০২০ চনত ৰাষ্ট্রীয় শিক্ষানীতি প্রণয়ন কৰা হৈছে৷ ইয়াৰ পিছত বিভিন্ন সময়ত কেন্দ্রৰ তৰফৰ পৰা বিদ্যালয়ৰ প্রথম শ্রেণীত শিক্ষার্থীৰ ভর্তিৰ বয়স সন্দর্ভত কঠোৰ ব্যৱস্থা ল’বলৈ নির্দেশ দি অহা হৈছে৷ এইবাৰ পুনৰ সেই নির্দেশ দিলে কেন্দ্রীয় চৰকাৰে৷

You might also like