নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেপটাউনত আজি মহিলা টি–২০ বিশ্বকাপৰ প্রথম ছেমিফাইনেল

নিয়মীয়া বাৰ্তা, ২৩ ফ্ৰেব্ৰুৱাৰীঃ হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা ক্রিকেট দলটোৱে আজি কেপটাউনত অগ্নি পৰীক্ষাৰ সন্মুখীন হ’ব৷ চলিত আই চি চি মহিলা টি–২০ বিশ্বকাপত আজি কেপটাউনত হ’বলগীয়া প্রথমখন ছেমিফাইনেলত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন অষ্ট্রেলিয়াৰ বিৰুদ্ধে মুখামুখি হ’ব৷ আজিৰ ছেমিৰ পূর্বে চাপত ভুগিছে হৰমনপ্রীত বাহিনীয়ে৷

কিয়নো বিগত ৫ বছৰ ধৰি ভাৰতীয় দলটোৱে কোনোধৰণৰ বৃহৎ প্রতিযোগিতাৰ খিতাপ জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ বিগত বর্ষৰ টি–২০ বিশ্বকাপৰ ফাইনেলৰ লগতে কমনৱেলথ গেমছৰ স্বর্ণ পদক যুঁজৰ মেচতো ভাৰতীয় দলটোৱে অষ্ট্রেলিয়াৰ হাতত পৰাজয় বৰণ কৰিছিল৷ অৱশ্যে যোৱাবাৰৰ বিশ্বকাপৰ ফাইনেলত পৰাস্ত হোৱাৰ পোটক তোলাৰ এক সুৱর্ণ সুযোগ লাভ কৰিছে ভাৰতীয় দলটোৱে৷

ছেমিফাইনেল মেচখনৰ পূর্বে আগশাৰীৰ বেটাৰসকলৰ দুর্বল প্রদর্শনে চিন্তিত কৰি তুলিছে ভাৰতীয় দলটোক৷ তিনি বছৰ পূর্বে আন্তর্জাতিক ক্রিকেটত অভিষেক ঘটা অ’পেনাৰ শেফালি বার্মাৰ লগতে অধিনায়িকা হৰমনপ্রীত, জেমিমা ৰড্রিগুৱেজ, দীপ্তি শর্মা আৰু ৰিচা ঘোষে এতিয়ালৈকে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম হোৱা নাই৷ শেফালিয়ে বাৰে বাৰে একেটা ভুলকে কৰি আহিছে৷ বিপৰীতে অধিনায়িকা হৰমনপ্রীতেও দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম হোৱা নাই৷

অৱশ্যে আজিৰ এই গুৰুত্বপূর্ণ মেচখনত আগশাৰীৰ বেটাৰসকলে পূর্বৰ ভুল শুধৰাই নিজৰ ছন্দ ওভতাই আনি দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰিব বুলি আশা ব্যক্ত কৰি অধিনায়িকা হৰমনপ্রীতে কয় যে ফাইনেলত প্রৱেশ কৰিবলৈ হ’লে আজি আমি বেটিং–বলিং উভয়তে দুর্দান্ত প্রদর্শন দাঙি ধৰিব লাগিব৷ কাৰণ আমাৰ সন্মুখত আছে ডিফেণ্ডিং চেম্পিয়ন অষ্ট্রেলিয়া৷প্রথমৰ পৰাই আমি সাৱধানতাৰে খেলিব লাগিববুলি মন্তব্য কৰে টীম ইণ্ডিয়াৰ অধিনায়িকা হৰমনপ্রীত কৌৰে৷

 

খেলৰ সময় ঃ সন্ধিয়া ৬.৩০ বজা৷

You might also like