জিষ্ণু বৰুৱাক কেন্দ্রীয় বিদ্যুৎ নিয়ামক আয়োগ (চিইআৰচি)ৰ অধ্যক্ষৰ দায়িত্ব
নিয়মীয়া বাৰ্তা, ২৫ফেব্ৰুৱাৰী: অসম চৰকাৰৰ প্রাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাক কেন্দ্রীয় বিদ্যুৎ নিয়ামক আয়োগ (চিইআৰচি)ৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে৷ ১৯৮৮ চনৰ বেটছৰ অৱসৰপ্রাপ্ত আইএএছ বিষয়াজনক অর্পণ কৰা এই গুৰুত্বপূর্ণ দায়িত্ব সন্দর্ভত নিযুক্তি সম্পর্কীয় কেবিনেট কমিটীয়ে কালি আনুষ্ঠানিক নির্দেশনা জাৰি কৰে৷ কেন্দ্রীয় শক্তি মন্ত্রালয়ৰ প্রস্তাৱত অনুমোদন জনাই নিযুক্তি সম্পর্কীয় কেবিনেট কমিটীয়ে জাৰি কৰিছে এই নির্দেশনা৷ উল্লেখ্য যে বিগত বর্ষৰ জুন মাহত চিইআৰচিৰ অধ্যক্ষ হিচাপে পি কে পূজাৰীৰ কার্যকাল শেষ হয়৷ তেতিয়াৰ পৰা প্রায় ৮ মাহ ধৰি খালী হৈ আছিল গুৰুত্বপূর্ণ পদটো৷ অৱশেষত যোৱা আগষ্ট মাহত অসম চৰকাৰৰ মুখ্য সচিব হিচাপে অৱসৰ গ্রহণ কৰা জিষ্ণু বৰুৱাক পি কে পূজাৰীৰ স্থলাভিষিক্ত কৰা হয়৷