নিয়মীয়া বাৰ্তা, ২৫ফেব্ৰুৱাৰী: মধ্যপ্ৰদেশৰ সিধি জিলাত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ট্ৰাকে পিছফালৰ পৰা তিনিখন বাছত খুন্দা মাৰে। নিউজ এজেন্সি এ এন আইয়ে প্ৰকাশ কৰা অনুসৰি এই দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জন আহত হয়। ইয়াৰে ১৫-২০ জন লোকৰ অৱস্থা অতিসংকটজনক বুলি কোৱা হৈছে।
প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰেলীৰ পৰা উভতি অহা লোকসকলে বাছত উঠিছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত পথৰ দাঁতিত ৰখাই থোৱা আছিল বাছকেইখন। ট্ৰাকখনৰ টায়াৰ ফাটি যোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।
#UPDATE | Madhya Pradesh: 8 people dead, 50 injured out of whom 15-20 people are seriously injured in a bus accident in Sidhi district: Rewa SP https://t.co/bTaP37iZSf pic.twitter.com/Ceb66lHs4s
— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) February 24, 2023