নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱ মন্দিৰৰ মাটি সংখ্যালঘুক বিক্ৰী : ভৱানীপুৰৰ কুৰোবাহাত বেদখলক লৈ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী : ভৱানীপুৰৰ নিকটৱৰ্তী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত কুৰোবাহা-টাঙলা শিৱ মন্দিৰৰ ভূমি এক দুষ্ট চক্ৰই ষড়যন্ত্ৰমূলকভাৱে হস্তান্তৰ কৰি মুছলমান সম্প্ৰদায়ৰ লোকৰ ওচৰত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কুৰোবাহা-টাঙলা শিৱ মন্দিৰ পৰিচালনা সমিতিৰ লগতে অঞ্চলটোৰ ৰাইজে। তদুপৰি শিৱ মন্দিৰৰ ভূমি চক্ৰান্তমূলকভাৱে হস্তান্তৰ কৰি মুছলমান সম্প্ৰদায়ৰ লোকৰ ওচৰত বিক্ৰী কৰা সন্দৰ্ভত আজি শিৱ মন্দিৰ প্ৰাংগনত কুৰোবাহা-টাঙলা অঞ্চলৰ বহু সংখ্যক ৰাইজে সমবেত হৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ উপৰিও কালি ভৱানীপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।কুৰোবাহা-টাঙলা শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকে ভৱানীপুৰ আৰক্ষী চকীত দাখিল কৰা এজাহাৰত ভৱানীপুৰ সমষ্টিৰ হাঠিনাপুৰ গাঁৱৰ ধ্ৰুৱজিৎ মেধিৰ নেতৃত্বত শিৱ মন্দিৰৰ তথা কুৰোবাহা-টাঙলা গাঁৱৰ ৰাইজৰ দখলত থকা ৮১ নম্বৰ দাগৰ চিলিং চৰকাৰী ১৪ বিঘা মাটিৰ ব্যাপক এলেকা চক্ৰান্তমূলকভাৱে ৰাইজৰ পৰা লৈ মুছলমান সম্প্ৰদায়ৰ লোকৰ ওচৰত বিক্ৰী কৰিছে। সম্প্ৰতি কেইজনমান মুছলমান লোকে শিৱ মন্দিৰৰ ভূমিত মাটি পূৰ কৰি পকী খুঁটা স্থাপন কৰি সীমা নিৰ্ধাৰণ কৰি বেদখল আৰম্ভ কৰিছে। উল্লেখ্য যে শিৱ মন্দিৰৰ ভূমি চক্ৰান্তমূলকভাৱে হস্তান্তৰ কৰি মুছলমান সম্প্ৰদায়ৰ লোকৰ ওচৰত বিক্ৰী কৰা সন্দৰ্ভত ধ্ৰুৱজিৎ মেধি আৰু শৰৎ ডেকাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত উত্থাপিত অভিযোগ মতে,বিগত বৰ্ষৰ ১৬ ডিচেম্বৰত দুয়োজনে ভৱানীপুৰৰ কুৰোবাহা-টাঙলা গাঁৱৰ ৰাইজৰ সমাজত উপস্থিত হৈ মন্দিৰৰ ভূমিক লৈ গাঁৱবাসীৰ সৈতে চুক্তিপত্ৰ কৰে। চুক্তি অনুসৰি শিৱ মন্দিৰৰ ভূমিত এটা উদ্যোগ স্থাপন কৰি হিন্দু যুৱকক কৰ্ম সংস্থাপন দিয়া,মন্দিৰৰ চৌহদত পকী বেৰ নিৰ্মাণ কৰি দিয়া, মন্দিৰত মাইক ছেট দিয়া, মন্দিৰৰ নামত নগদ পাঁচ লাখ টকা অনুদান দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে কিন্তু সম্প্ৰতি মাটিখিনি মুছলমান সম্প্ৰদায়ৰ লোকে পকী খুঁটা স্থাপন কৰি,মাটিৰে পূৰ কৰি বেদখল আৰম্ভ কৰে।এজাহাৰত উত্থাপিত অভিযোগ মতে, শিৱ মন্দিৰৰ ব্যাপক পৰিমাণৰ ভূমি চক্ৰান্তমূলকভাৱে ৰাইজৰ পৰা সৰকাই লৈ মুছলমান লোকৰ ওচৰত বিক্ৰী কৰিছে। উল্লেখ্য যে- শিৱ মন্দিৰৰ ভূমি চক্ৰান্তমূলকভাৱে হস্তান্তৰ কৰি মুছলমান সম্প্ৰদায়ৰ লোকৰ ওচৰত বিক্ৰী কৰাক লৈ আজি কুৰোবাহা-টাঙলা শিৱ মন্দিৰ প্ৰাংগনত কুৰোবাহা-টাঙলা গাঁৱৰ বহু সংখ্যক ৰাইজে উপস্থিত হৈ মুকলিকৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। লগতে চক্ৰান্তকাৰীৰ বিৰুদ্ধে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে। তদুপৰি শিৱ মন্দিৰৰ ভূমি শিৱ মন্দিৰৰ দখললৈ যোৱাৰ বাবেও প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী উত্থাপন কৰে ৰাইজে। উল্লেখ্য যে- আজি শিৱ মন্দিৰৰ ভূমিত অবৈধভাৱে বেদখল কৰাৰ দাবী কৰি মুছলমান লোকে ভূমিত স্থাপন কৰা পকী খুঁটা ভাঙি দিয়ে ৰাইজে।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like