কাৰ্বি আংলঙৰ ডিলাইত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন
নিয়মীয়া বার্তা, ২৭ ফেব্ৰুৱাৰীঃ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বাবে ড্ৰাগছ সৰবৰাহৰ অন্যতম গুৰুত্বপূৰ্ণ কৰিড’ৰ হিচাপে পৰিচিত হোৱা কাৰ্বি আংলঙত আৰক্ষীয়ে নিয়মীয়াকৈ অভিযান চলাই কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰি অহাৰ সময়তে দেওবাৰে নিশা পুনৰ আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, আৰক্ষীয়ে এক গোপন সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত কালি নিশা ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ বৰাৰ নেতৃত্বত তথা লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপ-পৰিদৰ্শক জীতেন গগৈৰ সহযোগত আৰক্ষী আৰু ২০ নং চি আৰ পি এফৰ এটা দলে অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজান টহলদাৰী চকীৰ সন্মুখত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযান চলায়। উক্ত অভিযানৰ সময়তে নিশা প্রায় ৯.৩০ বজাত আৰক্ষীয়ে নাগালেণ্ডৰ ডিমাপুৰ দিশৰ পৰা আহি থকা এ এছ-১৫-এছ-৪৩০৬ নম্বৰৰ মাৰুতি অল্ট’-৮০০ গাড়ীখনত তালাচী চলাই বাহনখনৰ ডেচ ব’ৰ্ড আৰু গিয়েৰ লিভাৰৰ কভাৰত লুকুৱাই ৰখা অৱস্থাত ৯ টা প্লাষ্টিকৰ চাবোনৰ বাকচত ১০৪.৬৩ গ্রাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা নিচাযুক্ত সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কমেও প্রায় দহ লাখ টকা বুলি আৰক্ষী সূত্রে প্রকাশ। এই সন্দৰ্ভত আৰক্ষীয়ে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত কাহিবাৰী পামৰ মহম্মদ নুৰ হুছেইন (২৪) আৰু বাক্সা জিলাৰ গোবৰধনা আৰক্ষী থানাৰ অন্তৰ্গত চানবাৰী কালাপানী বজাৰৰ মহম্মদ জোনাব আলি (২৭) বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, আৰক্ষীৰ প্ৰাথমিক তদন্তত ধৃত সৰবৰাহকাৰী দুটাৰ স্বীকাৰোক্তিত নাগালেণ্ডৰ বাণিজ্যিক চহৰ ডিমাপুৰৰ পৰা সংগ্ৰহ কৰা মাৰাত্মক ড্ৰাগছখিনি কাৰ্বি আংলঙৰ মাজেৰে সৰবৰাহ কৰি বৰপেটাত দিয়াৰ বাবে নি থকা হৈছিল বুলি জানিব পৰা গৈছে। বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ তত্বাৱধানত নিষিদ্ধ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে। লক্ষণীয় যে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত বিধানসভাৰ নিৰ্বাচনৰ হেতু কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যদিও এনে নিশ্চিদ্ৰ নিৰাপত্তাৰ বেহু ভেদি ৰাজ্যখনৰ পৰা হেৰ’ইনৰ দৰে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ হোৱা ঘটনাই নিৰ্বাচন কেন্দ্ৰিক নিৰাপত্তা ব্যৱস্থাত যে সুৰুঙা ৰৈ গৈছে তাকে প্ৰতিপন্ন কৰিছে।
প্ৰেৰক প্ৰাণদ্বীপ চেতিয়া