নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমুদ্ৰগুপ্ত কাশ্যপলৈ আইআইএমচি এলুমনাই এছ’চিয়েচনৰ “জীৱনজোৰা কৃতিত্ব” বঁটা

বিশেষ বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : প্ৰসিদ্ধ সাংবাদিক তথা সুলেখক ড৹ সমুদ্ৰগুপ্ত কাশ্যপক ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্বন এলুমনাই এছ’ছিয়েচনৰ তৰফৰ পৰা ২০২৩  বৰ্ষৰ “জীৱনজোৰা কৃতিত্ব” বঁটা প্ৰদান কৰা হৈছে। বিশ্বৰ অন্যতম বিখ্যাত গণসংযোগ প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্বনৰ (আই আই এম চি) দিল্লী চৌহদত দেওবাৰে সন্ধিয়া আয়োজিত এলুমনাই এছ’ছিয়েচনৰ একাদশ সমাৰোহত এই বঁটা প্ৰদান কৰে প্ৰতিষ্ঠানটোৰ সঞ্চালক প্ৰধান অধ্যাপক সঞ্জয় দ্বিৱেদীয়ে। উল্লেখযোগ্য যে ড৹ সমুদ্ৰগুপ্ত কাশ্যপে আশীৰ দশকত এই প্ৰতিষ্ঠানৰ পৰা উন্নয়নমূলক সাংবাদিকতাৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত প্ৰথম শ্ৰেণী লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ড৹ কাশ্যপৰ উপৰি এলুমনাই এছ’ছিয়েচনৰ ২০২৩ বৰ্ষৰ “জীৱনজোৰা কৃতিত্ব” সন্মান দেশৰ আৰু তিনিগৰাকী ব্যক্তিক প্ৰদান কৰা হয়। তেওঁলোক হৈছে আই আই এম চিৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গীতা বামজাই, কৌন বনেগা ক্ৰোৰপতিকে আদি কৰি কেইবাটাও বিখ্যাত টিভি প্ৰগ্ৰেমৰ প্ৰযোজক অনিতা কৌল বসু তথা  প্ৰবীণ সাংবাদিক প্ৰকাশ পাত্ৰ। আনহাতে, এলুমনাই এছ’ছিয়েচনৰ ২০২৩ বৰ্ষৰ বঁটাপ্ৰাপকসকলৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ আন দুজন ব্যক্তিয়েও স্থান লাভ কৰিছে। তেওঁলোক হৈছে টাইমছ নাওৰ উত্তৰ-পূব সংবাদদাতা নিবিৰ ডেকা (ব্ৰডকাষ্টিং শিতানৰ শ্ৰেষ্ঠ সংবাদদাতা) আৰু মিজোৰামত মুখ্য বন সংৰক্ষণ হিচাপে কৰ্মৰত অৰুণাচল প্ৰদেশৰ পি লি এটে (ৰাজহুৱা ক্ষেত্ৰৰ সেৱাৰ বাবে)। স্মৰণযোগ্য যে ১৯৬৭ চনত ভাৰত চৰকাৰে স্থাপন কৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্বন বিশ্বৰ ভিতৰতে উন্নয়নমূলক সাংবাদিকতা, জনসম্পৰ্ক আৰু বিজ্ঞাপন বিষয়ক প্ৰশিক্ষণৰ আটাইতকৈ শীৰ্ষস্থানীয় প্ৰতিষ্ঠান।
You might also like