বিশেষ বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ গোৰেশ্বৰৰ নাওকাটাৰ তিনি আছু নেতাক গ্ৰেপ্তাৰ। কিশোৰী আত্মহত্যাৰ মূল অভিযুক্ত হিচাবে চিহ্নিত হোৱা ভৱেশ শৰ্মা, কিশোৰজ্যোতি শৰ্মা আৰু অংকুৰ শৰ্মাক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ। উল্লেখ্য যে ২০২২ বৰ্ষৰ ২২ জুলাইত নাওকাটাস্থিত আছুৰ কাৰ্যালয়ত এগৰাকী কিশোৰক শাৰীৰিক নিৰ্যাতন কৰিছিল আছুৰ কেইবাগৰাকী ছাত্ৰ নেতাই। যাৰ ফলত কিশোৰগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা লবলৈ বাধ্য হৈছিল। কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ইতিপূৰ্বে কেইবাজনো আছু নেতাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও ঘটনাৰ মূল অভিযুক্ত ভৱেশ শৰ্মা, কিশোৰজ্যোতি শৰ্মা আৰু অংকুৰ শৰ্মা ইমান দিনে আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল। যোৱা ২১ তাৰিখে এক গোপন সূত্ৰৰ ভিত্তিত গোৰেশ্বৰ আৰক্ষীয়ে মূল অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰে যদিও আজিহে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ইতিমধ্যে আটাইকেইজনকে নলবাৰীৰ জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।
প্ৰেৰক বিজয় ৰাজবংশী