নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসা অবিহনে গজৰাজে আঁকোৱালি ললে মৃত্যুক : বকোৰ ৰাজাপাৰাত কৰুণ ঘটনা

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ জীৱন-মৰণৰ যুঁজত যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত আজি হাৰ মানিলে এটা আঘাতপ্ৰাপ্ত গজৰাজে৷ যোৱা কিচুদিন ধৰি আঘাতপ্ৰাপ্ত হৈ বনাঞ্চলত বিচৰণ কৰি থকা গজৰাজটোৱে আজি লোক চক্ষুৰ আগতে চিকিৎসা অবিহনেই অতি কৰুণভাৱে মৃত্যুক আকোৱালি লয়৷ এই দুখজনক ও নিদাৰুণ ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকোৰ ৰাজাপাৰাত ৷ বন বিভাগৰ গাফিলতিৰ বাবে যোৱা কিচুদিন ধৰি মৃত্যুৰে ক্ষণ গনি থকা অৱস্থাতে বনৰীয়া হাতীটোৰ আজি নিয়তিয়ে কাঢ়ি ললে প্ৰাণ ৷ ইফালে, পেট আৰু ভৰিত আঘাত পোৱা হাতীটো চকুৰ আগতে স্বাস্থ্যৰ অবনতি দেখি স্থানীয় ৰাইজে বন বিভাগক দৃষ্টিগোচৰ কৰিছিল৷ খাদ্যৰ অভাৱত যথেষ্ট দূৰ্বল হৈ যোৱা প্ৰায় এমাহ ধৰি বকোৰ ৰাজাপাৰাৰ কুকুৰমাৰাৰ জংঘলত বিচৰণ কৰি আছিল গুৰুতৰভাৱে আহত হাতীটো ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, জটিল অৱস্থাত হাতীটো শুকাই ক্ষীনাই কংকালৈ ৰুপান্তৰিত হৈ আজি ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজাপাৰাৰ বনাঞ্চলৰ কাষত মাটিত টলি পৰে৷ কিচু সময় পিচতেই হাতীটোৱে কৰুণ মৃত্যুক আকোৱালি লয় ৷ পিচত ৰাইজে ধৰ্মীয় পৰম্পৰা মতে মৃত হাতীটোক পূজা কৰে ৷ উল্লেখ্য,বন বিভাগৰ গাফিলতিৰ বাবে হাতীটোৱে কৰুণ মৃত্যুক সাৱটি লোৱা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে ৷ বন বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে এটা সম্পদ ধ্বংস হ’ল বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like