বাৰ্তা ব্যুৰ, ২৮ ফেব্ৰুৱাৰী : চৰকাৰী টকাৰে পেট নভৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ। পুনৰ ঘোচ লৈ হাত দাঙিলে দুই কৰ্মচাৰীয়ে। গোৱালপাৰাৰ ঔষধ পৰিদর্শকৰ কাৰ্যালয়ত আজি তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান সঁচাই ঘোচ লৈ থকা অৱস্থাত দুই কৰ্মচাৰী হাতেলুটে ধৰা পেলায়। জিলাখনৰ লক্ষীপুৰৰ মহিবুৰ ৰহমান নামৰ যুৱক জনৰ অভিযোগৰ ভিত্তিত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই কাৰ্যালয়টোত অভিযান চলায়। গুৱাহাটীৰ পৰা অহা তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ ১০ জনীয়া দলটোৱে দিনৰ ২.২০ বজাত কাৰ্যালয়টোত প্ৰৱেশ কৰি ঘোচ লোৱা অৱস্থাত তৃতীয়তে বৰ্গৰ কৰ্মচাৰী দ্বীপজিৎ সৰকাৰ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আনছেৰ আলীক ঘোচ লোৱাৰ অভিযোগ গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে লক্ষীপুৰৰ মহিবুৰ ৰহমানে কিছুদিনৰ পৰা ফাৰ্মাচীৰ লাইচেন্সৰ বাবে কাৰ্যালয় তাঁতবাতি কাঢ়ি আছিল। পিছত কাৰ্যালয়টোৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰী দুগৰাকীয়ে ইয়াৰ বিনিময়ত ১৫ হাজাৰ টকা উৎকোচ বিচাৰিল। পিছে যুৱক জনে ইমান টকা দিব নোৱাৰাত ১০ হাজাৰ টকাত লাইচেন্স বনাই দিব বুলি কৈ দিয়ে। উপায়ান্তৰ হৈ যুৱকজনে এই বিষয়ে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাক অভিযোগ দিয়ে। সেই অভিযোগ পাই দুৰ্নীতি নিবাৰক শাখাই আজি যুৱকজনক ১০ হাজাৰ টকা দিবলৈ পৰামৰ্শ দিয়ে। পৰামৰ্শ মতে যুৱক জনে ১০ হাজাৰ টকা আদায় দিয়াৰ লগে লগে অভিযানকাৰী দলটোৱে দুই কৰ্মচাৰীক হাতেলুটে ধৰা পেলায়। অভিযানকাৰী দলটোৱে দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ঔষধ পৰিদর্শক সংগীতা নাথ মাজাৰভূঞাকো সোধা-পোচা কৰে। অভিযানকাৰী দলটোৱে দিনৰ ২.২০ বজাত কাৰ্যালয়টোত প্ৰৱেশ কৰি সন্ধিয়া ৬.৪০ বজাত গ্ৰেপ্তাৰ হোৱা দুই কৰ্মচাৰীক লগত লৈ গুৱাহাটীলৈ ৰাওনা হয়। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰাই কাৰ্যালয়টোৰ কৰ্মচাৰী সকলৰ বিৰুদ্ধে ঘোচ লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। পিছে এশ গৰু মাৰিলে বাঘৰো মৰণ। সেয়ে আজি ধৰা পৰিল দুই কৰ্মচাৰী। ঔষধ পৰিদর্শকগৰাকীও এই কাৰ্যত জড়িত থকা বুলি বহুতে অভিযোগ কৰিছে। পৰৱৰ্তী সময়ত তদন্তৰ জৰিয়তে ঔষধ পৰিদর্শকগৰাকীকো বহুতে গ্ৰেপ্তাৰৰ দাবী জনাইছে ।
প্ৰেৰক উদিত নাৰায়ণ কলিতা