বিশেষ বার্তা, ১ মাৰ্চঃ আগন্তুক লোকসভাৰ নির্বাচনত আমাৰ সন্মুখত প্রত্যাহ্বান আছে৷ কাৰণ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে সফলতাৰে ১০ বছৰ সম্পূর্ণ কৰিবলৈ আগবাঢ়িছে৷ বিৰোধী দলসমূহে অপপ্রচাৰত লিপ্ত হৈছে৷ কিছু লোক বিভ্রান্ত হৈছে৷ তেওঁলোকৰ বিভ্রান্তি দূৰ কৰিব লাগিব দলে৷ সেইবাবেই আমি আগতীয়াকৈ নির্বাচনী প্রস্তুতি চলাইছোঁ৷ সকলো প্রত্যাহ্বান মষিমূৰ কৰি আগন্তুক নির্বাচনত আমাৰ দলে বিজয়ধ্বজা উৰুৱাবৰ বাবে দলীয় নেতা–কর্মীসকলে অহোপুৰুষার্থ কৰিব লাগিব৷– এই আহ্বান কেন্দ্রীয় আইন মন্ত্রী কিৰেণ ৰিজিজুৰ৷ কালি মৰিগাঁৱত দলীয়, চৰকাৰী আৰু সামাজিক ভিন্নমুখী কার্যসূচীত অংশগ্রহণ কৰি মন্ত্রী ৰিজিজুৱে এক কর্মব্যস্ত দিন অতিবাহিত কৰে৷ প্রথমতে মৰিগাঁও নগৰস্থিত গছবাৰীৰ ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘৰ কার্যালয়ত বিধায়ক ৰমাকান্ত দেউৰীসহ উপস্থিত হৈ কর্মকর্তাসকলৰ লগত এক গোপন মন্ত্রণা সভাত মিলিত হয়৷ জিলা সংঘচালক কুশৰাম হাজৰিকা, জিলা কার্যবাহ টুটুমণি কোঁৱৰ, প্রান্ত সংযোজক লেনিন ডেকা, উত্তৰ অসমৰ সংযোজক কুটুম্ব প্রবোধন, এবিভিপিৰ সেৱিকা সমিতিৰ মদন কাকতি, হিন্দু জাগৰণ মঞ্চৰ জ্যোতিপ্রসাদ দাস, উৎপল নাথ, নিগমানন্দ সৰকাৰ, বিদ্যা ভাৰতীৰ ৰেণু মেধি, সংস্কাৰ ভাৰতীৰ পৱিত্র সৰকাৰ প্রমুখ্যে কর্মকর্তাসকলৰ পৰা নির্বাচন সন্দর্ভত মতামত গ্রহণ কৰে বুলি জানিব পৰা গৈছে৷ ইয়াৰ পাছত মন্ত্রীগৰাকীয়ে মৰিগাঁও উপায়ুক্ত কার্যালয়ৰ পৰা প্রধানমন্ত্রীৰ এখন ভিডি’ কনফাৰেঞ্চত অংশগ্রহণ কৰে৷ মৰিগাঁও জিলা পুথিভঁৰাল প্রেক্ষাগৃহত মৰিগাঁও সমষ্টিৰ দলীয় কর্মীসভাত যোগদান কৰে৷ বিজেপিৰ জিলা সভাপতি প্রবীণ মেধিৰ সভাপতিত্বত অনুষ্ঠিত কর্মীসভাখনত মন্ত্রীগৰাকীয়ে নির্বাচনৰ বাবে প্রস্তুত হ’বলৈ সতর্ক কৰি দিয়ে৷ সভাত বিধায়ক ৰমাকান্ত দেউৰী, তিৱা পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীৱন কোঁৱৰ, বিজেপিৰ ৰাজ্যিক উপ–সভাপতি অশোক ভট্টৰায়, সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শর্মা প্রমুখ্যে নেতাসকলে যোগদান কৰে৷ কর্মীসভাৰ পাছত কেন্দ্রীয় মন্ত্রীগৰাকী উপস্থিত হয়গৈ শংকৰদেৱ বঁটা বিজয়ী বৈষ্ণৱ পণ্ডিত, একশৰণ ভাগৱতী সমাজ অসমৰ প্রতিষ্ঠাপক আচার্য প্রয়াত ইলাৰাম দাসৰ বাসগৃহত৷ প্রয়াত আচার্যগৰাকীৰ দুই পুত্র বিষ্ণু দাস, জ্যোতিপ্রসাদ দাস আৰু ভাগৱতী সমাজৰ কর্মকর্তাসকলে খোল–তাল, শংখধ্বনিৰে মন্ত্রীগৰাকীক উষ্ম আগৰণি জনোৱাৰ উপৰি আয়তীসকলে ফুল চটিয়াই স্বাগতম জনায়৷ ভক্তিভাবেৰে ভাগৱতী সমাজৰ জালুগুটিৰ নামঘৰত মন্ত্রীগৰাকীয়ে সেৱা আগবঢ়োৱাৰ পাছত সংক্ষিপ্ত ভাষণত আচার্য ইলাৰাম দাসৰ মহান আদর্শ আৰু অৱদানক শ্রদ্ধাৰে স্মৰণ কৰে৷ তেওঁ কয়– আচার্যগৰাকীয়ে স্থাপন কৰা এই ভক্তিকেন্দ্র আধ্যাত্মিকতাবাদৰ পীঠস্থান৷ ইয়াক উত্তৰাধিকাৰীসকলে সংৰক্ষণ কৰি ৰাখিব লাগিব৷ ৫০০ বছৰ পূর্বে শংকৰদেৱে আৰম্ভ কৰা ধর্ম দর্শন আচার্যগৰাকীয়ে বহুল প্রচাৰ কৰি এক স্তম্ভ নির্মাণ কৰি গৈছে৷ ইয়াক বহলভিত্তিক প্রচাৰৰ ব্যৱস্থা কৰিব লাগে৷ মন্ত্রীগৰাকীয়ে একশৰণ ভাগৱতী সমাজক ভিন্ন ক্ষেত্রত সাহায্য কৰিব বুলি ঘোষণা কৰে৷ মন্ত্রী ৰিজিজুৱে ইয়াৰ পাছতেই মৰিগাঁও নগৰৰ দুই কিলোমিটাৰ নিলগৰ সিধাবাৰী গাঁৱৰ তিৱা জনগোষ্ঠীৰ গণেশ বৰদলৈ আৰু ৰজিতা বৰদলৈৰ গৃহত দুপৰীয়াৰ আহাৰ গ্রহণ কৰে৷ দুখীয়া পৰিয়ালটোৱে আয়োজন কৰা ভোজন পর্বত গাঁওখনৰ বাসিন্দাসকলে হাত উজান দিয়াত উখল–মাখল পৰিৱেশ সৃষ্টি হয়৷ কেইবাশ লোকে সমূহীয়া ভোজত আহাৰ গ্রহণ কৰে৷ পীৰাত বহি মন্ত্রীগৰাকীয়ে আহাৰ গ্রহণ কৰা কার্যত বিধায়ক ৰমাকান্ত দেউৰী, তিৱা পৰিষদৰ মুখ্য কার্যবাহী জীৱন কোঁৱৰ, কার্যবাহী সদস্য খগেন চন্দ্র বৰদলৈ, সদস্য অজিত ডেকা, যুৱনেতা শিৱাজী ডেকা, জিতু বৰাৰ উপৰি বিজেপিৰ জিলা সভাপতি প্রবীণ মেধি, ৰাজ্যিক বিজেপিৰ উপ–সভাপতি অশোক ভট্টৰায় প্রমুখ্যে নেতাসকলে যোগদান কৰে৷ খাদ্যসম্ভাৰত তিৱাসকলৰ পৰম্পৰাগত খাদ্য অন্তর্ভুক্ত হৈছিল৷ ঘৰতে বনোৱা লাওপানী, ভাত, গাহৰি, কুকুৰা, হাঁহৰ মঙহ, মাছৰ আঞ্জা, দাইল প্রভৃতি খাদ্যসম্ভাৰ মন্ত্রীগৰাকীয়ে গ্রহণ কৰি পৰম তৃপ্তি লাভ কৰে৷ খাদ্য গ্রহণৰ পূর্বে পুনৰ এখন ভিডি’ কনফাৰেঞ্চত যোগদান কৰাৰ উপৰি খাদ্য গ্রহণৰ পাছত জিলা উপায়ুক্তৰ সন্মিলন কক্ষত জিলাৰ মুৰব্বী বিষয়াসকলৰ লগত এখন সভাত মিলিত হৈ জিলাখনৰ উন্নয়নমূলক কাম–কাজ সন্দর্ভত আলোচনা কৰে৷ সভাত উপায়ুক্ত দেৱাশিস শর্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু মুৰব্বী বিষয়াসকল উপস্থিত থাকে৷