সাহিত্য সভাই নাৰায়ণপুৰ অধিৱেশনত মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱাই নাছিল
বিশেষ বাৰ্তা, ১ মাৰ্চঃ নাৰায়ণপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনলৈ সাহিত্য সভাৰ কেন্দ্রীয় সমিতিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আমন্ত্রণ জনোৱা নাছিল৷ আজি মুখ্যমন্ত্রীৰ কার্যালয়ে এক বিবৃতিযোগে এই কথা সদৰী কৰি কয় যে মুখ্যমন্ত্রী ড০ শর্মাই সম্ভৱপৰ পৰিস্থিতিত সকলো জাতীয় অনুষ্ঠানৰ কার্যসূচীত অংশগ্রহণ কৰি আহিছে৷ সেইমর্মে যোৱা ২৭ ফেব্রুৱাৰীত পলাশবাৰীত অনুষ্ঠিত নিখিল ৰাভা সাহিত্য সভাৰ অধিৱেশন আৰু কোকৰাঝাৰৰ পাটগাঁৱত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্রী ড০ শর্মাই অংশ লৈছিল৷ কিন্তু অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ পূর্বে সাহিত্য সভাৰ তদানীন্তন সভাপতিয়ে মুখ্যমন্ত্রীক বিভিন্ন কার্যসূচীত কেইবাবাৰো লগ পাইছিল যদিও সেইসময়তো মুখ্যমন্ত্রীক সভাৰ নাৰায়ণপুৰ অধিৱেশনলৈ যোৱাৰ কথা কোৱা নাছিল৷ তেনে ক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই নিমন্ত্রণ নোপোৱাকৈয়ে সাহিত্য সভাৰ অধিৱেশনলৈ যোৱাৰ প্রশ্ন নিশ্চয় উত্থাপন নহয়৷ অৱশ্যে সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতিয়ে মুখ্যমন্ত্রী ড০ শর্মাক আমন্ত্রণ জনাইছিল৷ কিন্তু অধিৱেশন যিহেতু অসম সাহিত্য সভাৰহে, সেয়ে কেন্দ্রীয় সমিতিয়ে আমন্ত্রণ নজনোৱাকৈ মুখ্যমন্ত্রী ড০ শর্মাই নিজাববীয়াকৈ অধিৱেশনত অংশ লোৱাৰ প্রশ্ন উত্থাপন নহয়৷ বিবৃতিটোত মুখ্যমন্ত্রীৰ কার্যালয়ে স্পষ্ট কৰি দি কয় যে সকলো জাতীয় অনুষ্ঠানৰ কার্যসূচীত অংশ ল’বলৈ মুখ্যমন্ত্রী ড০ শর্মা সদায় আগ্রহী৷ সেয়ে তুলনামূলক বক্তব্যৰে এনে বিষয়ৰ ক্ষেত্রত ভুল ছবি দাঙি নধৰিবলৈ মুখ্যমন্ত্রীৰ কার্যালয়ে সংশ্লিষ্ট সকলো পক্ষক আহ্বান জনায়৷