বিশেষ বাৰ্তা, ১ মাৰ্চঃ চৰকাৰী ভূমিৰ বেদখলৰ বিৰুদ্ধে চলি থকা উচ্ছেদ অভিযান অনাগত দিনত অধিক তীব্রতৰ হ’ব৷ এই ইংগিত প্রদান কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মহানগৰীৰ শিলসাঁকো বিলত চলি থকা উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা ৪০০ বিঘা ভূমি বেদখলমুক্ত কৰা হয়৷ শিলসাঁকো বিলত সর্বসাধাৰণ লোকৰ ভূমিত চলা বেদখলক লৈ একাংশই প্রকাশ কৰা প্রতিক্রিয়াৰ বিপৰীতে কিন্তু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিয়ে যে বিলখনত থকা জিঞ্জাৰ হোটেল, অমিয় কুমাৰ দাস ইনষ্টিটিউট বা হিম্মৎসিংকাৰ অট্টালিকাৰ ক্ষেত্রতো একেই ব্যৱস্থা গ্রহণ কৰা হ’ব৷ মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কয়– আমাৰ মূল লক্ষ্য হ’ল শিলসাঁকো বিলক উদ্ধাৰ কৰা৷ চৰকাৰে ৪০০ বিঘা ভূমিত এক বৃহৎ জলাশয় স্থাপনৰ বাবেও পৰিকল্পনা কৰিছে৷ আমি ইয়াকো পৰীক্ষা কৰি আছোঁ যে বিলখনৰ ওপৰত জিঞ্জাৰ হোটেল নির্মাণ বা অমিয় কুমাৰ দাস ইনষ্টিটিউট নির্মাণৰ অনুমতি কেনেকৈ পালে? কংগ্রেছ চৰকাৰৰ দিনত এইবোৰ অনুমতি লাভ কৰিছিল৷ আমি কাৰো সমর্থনত নাই৷ পূর্বৰ চৰকাৰৰ দিনত পোৱা অনুমতি বাতিলৰ বাবে আমি পৰীক্ষা কৰি আছোঁ৷ মুখ্যমন্ত্রীয়ে আজি স্পষ্ট কৰে যে দীপৰ বিলতো বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলিব৷ তেওঁ উল্লেখ কৰে যে ভূমিহীনসকলক চৰকাৰীভাৱে সংস্থাপন কৰা হ’ব৷ তেওঁ কয়– যিসকলৰ ভূমি নাই, তেওঁলোকক ভূমিও দিয়া হ’ব আৰু আর্থিক সাহায্যও দিয়া হ’ব৷ উল্লেখ্য যে মুখ্যমন্ত্রীয়ে আজি শিলসাঁকো বিলক লৈ চৰকাৰে হাতত লোৱা প্রকল্পৰ বিষয়ে টুইটাৰযোগে সদৰী কৰে৷ বেদখলমুক্ত হোৱাৰ পাছত শিলসাঁকো বিলখনৰ সৌন্দর্যবর্ধনৰ লগতে গুৱাহাটীক কৃত্রিম বানৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে এই প্রকল্প লোৱাৰ কথা উল্লেখ কৰে৷ প্রকল্পটোৰ আর্হি ছবি শ্বেয়াৰ কৰি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে শিলসাঁকোত সোনকালে এটা সর্ববৃহৎ হ্রদ হ’ব৷ প্রস্তাৱিত শিলসাঁকো হ্রদৰ এক দর্শনীয় মডেল ডিজাইন কৰা হৈছে আৰু ই সৌন্দর্য বৃদ্ধিৰ লগতে গুৱাহাটীৰ কৃত্রিম বান হ্রাস কৰিব৷