নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাজন পে’ক ৩.০৬ কোটি জৰিমনা আৰবিআইৰ

নিয়মীয়া বাৰ্তা, ৪ মার্চ: ৰিজার্ভ বেংক অৱ ইণ্ডিয়া (আৰবিআই)ই আমাজন পে’ (ইণ্ডিয়া) প্রাইভেট লিমিটেডক ৩.০৬ কোটি টকা জৰিমনা বিহিছে৷ কোম্পানীটোৱে প্রিপেইড পেমেণ্ট ইনষ্ট্রুমেণ্ট (পিটিআই)ৰ বিভিন্ন নিয়ম উলংঘা কৰাৰ উপৰি কেৱাইচিৰ নির্দেশনা মানি চলা নাছিল৷ ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ তৰফৰ পৰা আজি এক বিবৃতিত এই কথা সদৰী কৰা হৈছে৷ লক্ষণীয়ভাৱে আমাজন পে’ক কিয় নিয়ম উলংঘা কৰা হৈছিল, সেই সন্দর্ভত স্পষ্টীকৰণো বিচাৰিছে ৰিজার্ভ বেংকে৷

You might also like