বন্দনা কলিতাসহ ৩ অভিযুক্তৰ মনস্তাত্ত্বিক অধ্যয়ন কৰিব আৰক্ষীয়ে; পিচে কি এই চাইক’এনালাইছিছ?
নিয়মীয়া বাৰ্তা, ৪ মার্চ: হত্যাকাৰী বন্দনা কলিতাসহ তিনি অভিযুক্তৰ মনস্তাত্ত্বিক দিশৰ অধ্যয়ন কৰিবলৈ মহানগৰ আৰক্ষীয়ে সহায় লৈছে চাইক’এনালিষ্টৰ৷ ৰাজ্য চৰকাৰৰ বিশেষ ফৰেনছিক পৰামর্শদাতা কেশৱ কুমাৰৰ পৰামর্শমর্মেই এই সিদ্ধান্ত লৈছে মহানগৰ আৰক্ষীয়ে৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই আজি এই কথা সদৰী কৰিছে৷ তেওঁ কয়– তিনিওজন অপৰাধীৰ মনস্তাত্বিক দিশটোৰ প্রতি অধ্যয়ন কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে৷ কেন্দ্রীয় ফৰেনছিক গৱেষণাগাৰ দিল্লীৰ পৰা অহা এদল বিশেষজ্ঞই এই পৰীক্ষা সম্পন্ন কৰিব৷ ইতিমধ্যে উক্ত দলটো গুৱাহাটীতে বাহৰ পাতি আছে বুলি তেওঁ লগতে জনাইছে৷
- কি এই চাইক’এনালাইছিছ?
অপৰাধ বিজ্ঞানত সততে ব্যৱহূত হোৱা এটা শব্দ হৈছে ‘চাইক’এনালাইছিছ’৷ অসমীয়াত মনস্তাত্ত্বিক বিশ্লেষণ৷ ফৰেনছিক বিভাগৰ বিশেষ সূত্রই জনোৱা মতে এই পৰীক্ষাৰ জৰিয়তে একোজন লোকে কি কাৰণত জঘন্য হত্যা বা অপৰাধ এটা সংঘটিত কৰিবলগা পৰিস্থিতিৰ উদ্ভৱ হয় সেয়া অধ্যয়ন কৰা হয়৷ পৰীক্ষা কৰিবলগা ব্যক্তিজনক প্রথমতে স্বাস্থ্য পৰীক্ষা কৰি লৈ নির্দিষ্ট এক দৰব প্রয়োগ কৰি প্রথমতে অৱচেতন কৰি লোৱা হয়৷ তাৰ পাছত নির্দিষ্ট যন্ত্রৰ জৰিয়তে লোকজনৰ সকলো গতিবিধি লক্ষ্য ৰাখি বিশেষজ্ঞই অপৰাধটো সন্দর্ভত নির্দিষ্ট ধৰণে প্রশ্ণ সোধে আৰু এইদৰেই পৰীক্ষাটো সম্পন্ন কৰা হয়৷ উল্লেখ্য যে গুজৰাটত পূর্বতে এনেধৰণৰ পৰীক্ষাৰ জৰিয়তে অপৰাধৰ উদ্দেশ্য উলিওৱা হৈছিল যদিও অসমত এনেধৰণৰ পৰীক্ষা এইবাৰেই সম্ভৱতঃ প্রথম বুলি সূত্রটোৱে লগতে কয়৷ মন কৰিবলগীয়া যে বন্দনাই নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰাৰ বিৱৰণ আৰক্ষীক দিছে যদিও হত্যাকাণ্ডৰ প্রকৃত উদ্দেশ্য আজিও আৰক্ষীৰ আগত প্রকাশ কৰা নাই বুলি আৰক্ষী সূত্রত প্রকাশ৷ সেইবাবেই এনেধৰণৰ পদ্ধতি গ্রহণ কৰিছে আৰক্ষীয়ে৷ কিয়নো আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱাৰ পাছতো নৃশংস হত্যাকাণ্ডটোক লৈ কোনো ধৰণৰ অনুসূচনা বা অনুতাপৰ চিন নাছিল বন্দনাৰ মুখমণ্ডলত৷ আচৰিতভাৱেই শান্ত– সৌম্য ধৰণেই আৰম্ভণিৰ পৰা বর্তমানলৈকে আৰক্ষীয়ে চলোৱা জেৰাত উত্তৰ দিছে বন্দনাই৷ বাৰম্বাৰ আৰক্ষীক বিভিন্ন কথাৰে বিভ্রান্তও কৰিছে বন্দনাই৷ কিন্তু অতি শান্ত–সৌম্যভাৱে৷ বন্দনাৰ এই চৰিত্রত আৰক্ষীও হতভম্ব হৈ পৰিছে৷ তদন্তকাৰী আৰক্ষী, ফৰেনছিক বিশেষজ্ঞ সকলোৰে মাথোঁ এটাই প্রশ্ণ– ইমান নৃশংস হোৱাৰ পাছতো কিদৰে শান্ত হৈ থাকিব পাৰিছে বন্দনাই? ইপিনে, মহানগৰীত পূর্বে সমাধান নোহোৱা কেইবাটাও গোচৰ পুনৰ নতুনকৈ তদন্ত চলোৱাৰ কথা ব্যক্ত কৰিছে আৰক্ষী আয়ুক্ত বৰাই৷ আজি সংবাদ মেলত এই কথা সদৰী কৰিছে৷