জোনাইত শক্তি বিভাগৰ আজৱ কাণ্ডঃ বিদ্যুৎ সংযোগ নকৰাকৈয়ে আহিল বিল
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ::জোনাইৰ চেঙাজান গোৱালা গাঁৱত সংঘটিত হৈছে শক্তি বিভাগৰ এক আজৱ ঘটনা। জানিব পৰামতে প্ৰায় দুবছৰ আগতে সুভাগ্য অমৃত আঁচনিৰ জৰিয়তে চেঙাজান গোৱালা গাঁৱৰ বৃহৎ অঞ্চলটোত চিলাপথাৰ বিদ্যুৎ সংমণ্ডলৰ অধীনত বিদ্যুৎ সংযোগৰ ভাৱে বিদ্যুতৰ কোঠা আৰু বিদ্যুতৰ তাৰ সংযোগ কৰে। কিন্তু আজি দুবছৰ কাল উকলি যোৱাত বিদ্যুতৰ কোঠাবোৰ হাউলি যোৱাৰ লগতে বিদ্যুৎত লগোৱা তাৰবোৰ ৰাস্তা ঘাটে বিভিন্ন ঠাইত সিচঁৰিত হৈ আছে। ইয়াৰ উপৰিও একেটা বছৰতে বিদ্যুৎ সংযোগৰ ভাৱে গাঁৱৰ প্ৰতিটো পৰিয়ালৰ পৰা প্ৰয়োজনীয় নথি পত্ৰও সংগ্ৰহ কৰে বিভাগটোৱে।
কিন্তু আজি দুবছৰ কাল উকলি যোৱাৰ পাছতো বিদ্যুৎ বিভাগে সংযোগ কৰা নহ’ল বিদ্যুৎ। তাৰ বিপৰীতে বিদ্যুৎ সংযোগ নকৰাকৈয়ে প্ৰতিটো পৰিয়ালত প্ৰতি মাহে ৫০০ টকাৰ পৰা ৯০০ টকা পৰ্যন্ত বিদ্যুৎ বিল অহাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই বিভাগটোৰ ওপৰত উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে।