নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: দেশৰ গণতন্ত্র আৰু ন্যায় ব্যৱস্থা ‘আক্রান্ত’ বুলি দেশৰ ভিতৰে–বাহিৰে প্রচাৰ চলিছে৷ এই অভিযোগ কৰিলে দেশৰ আইনমন্ত্রী কিৰেণ ৰিজিজুৱে৷ কালি এক অনুষ্ঠানত উপস্থিত থাকি আইনমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে দেশৰ ন্যায় ব্যৱস্থাক লৈ প্রশ্ণ উত্থাপন কৰা উচিত নহয়৷ কেইদিনমান পূর্বে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে কেমব্রিজ বিশ্ববিদ্যালয়ত ভাষণ দিয়াৰ সময়ত অভিযোগৰ সুৰত উল্লেখ কৰিছিল যে দেশৰ গণতন্ত্র বিপদৰ সন্মুখীন হৈছে৷ ৰাহুল গান্ধীয়ে এই কথাও উল্লেখ কৰিছিল যে বিৰোধী নেতাসকল চৰকাৰৰ নজৰদাৰীৰ আওতাত আছে৷ ৰিজিজুৱে ৰাহুলৰ এই বক্তব্যৰ প্রতিবাদ কৰি উল্লেখ কৰে যে গণতন্ত্র আৰু ন্যায় ব্যৱস্থাক লৈ প্রশ্ণ কৰা উচিত নহয়৷ আইনমন্ত্রীগৰাকীৰ মতে, এটা দলে পৰিকল্পনা অনুসৰি দেশত গণতন্ত্র আৰু ন্যায় ব্যৱস্থা সংকটত পৰা বুলি প্রচাৰ চলাই আহিছে৷ বিশ্বজুৰি দেশৰ ভাবমূর্তিক ক্ষতিগ্রস্ত কৰাৰ বাবে এই প্রচাৰ চলোৱা হৈছে বুলিও উল্লেখ কৰে ৰিজিজুৱে৷ ৰিজিজুৱে অভিযোগ কৰা অনুসৰি, একাংশ ৰাজনীতিক তথা নেতাই ন্যায়পালিকাই বিৰোধী দলসমূহৰ ভূমিকা পালন কৰাটো বিচাৰে৷ দেশৰ গণতান্ত্রিক ব্যৱস্থাক প্রশংসা কৰি ৰিজিজুৱে কয় যে ভাৰত ‘গণতন্ত্রৰ জননী’৷