সুৰক্ষা কবচলৈ মাত্ৰ ৮মিটাৰ বাকী: ভয়ংকৰ গৰাখহনীয়াই আতংকিত কৰিছে ডিব্ৰুগড়বাসীক
- মাত্ৰ আঠ মিটাৰ বাকী সুৰক্ষা কবচলৈ!
- ডিব্ৰুগড়ৰ ভয়ংকৰ গৰাখহনীয়াই আতংকিত কৰিছে ডিব্ৰুগড়বাসীক
- মুখ্যমন্ত্ৰী-জলসম্পদ মন্ত্ৰীক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী
নিয়মীয়া বাৰ্তা, ৬মাৰ্চঃ আজিও প্ৰায় অপৰিৱৰ্তিত ৰূপত আছে ডিব্ৰুগড়ৰ গৰাখহনীয়া।চপৰা-চপৰে ব্ৰহ্মপুত্ৰৰ গৰা খহিছে যদিও শনিবাৰৰ তুলনাত আজি কিছু হলেও হ্ৰাস পাইছে।যাৰ বাবে ডিব্ৰুগড়বাসীয়ে কিছু সস্তিৰ নিশ্বাস পেলাইছে।যোৱা ৪ মাৰ্চৰ নিশাৰে পৰা অস্বাভাৱিক হাৰত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ কছাৰীঘাট আৰু কয়লাঘাটত মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়াই ১৮৫ বছৰ গৰকা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় নগৰৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনিছে।শনিবাৰে নিশাৰ পৰা ভয়ংকৰ ৰূপত সংঘটিত হোৱা গৰাখহনীয়াই ইতিমধ্যেই ২৫০ মিটাৰ ভূমি খহাই নিয়াৰ লগতে ডিব্ৰুগড় নগৰৰ সুৰক্ষা বান্ধটোৰ মাত্ৰ ৮ মিটাৰ দূৰত্বত অৱস্থান গ্ৰহণ কৰিছে মহাবাহু।যাৰ পৰিপ্ৰেক্ষিতত আৰু অধিক খহনীয়াৰ সৃষ্টি হলে নগৰ সুৰক্ষা বান্ধটোও প্ৰবল খহনীয়াৰ গৰাহত পৰাৰো সম্ভাৱনা নথকা নহয়।
শনিবাৰে নিশাৰে পৰা খহনীয়াক ৰুধিবৰ বাবে ডিব্ৰুগড় জলসম্পদ বিভাগে দিনে-নিশাই শ-শ বনুৱা জৰিয়তে খহনীয়া স্থলীত মেগা জি’অবেগ আৰু পকী পাৰ্কোপাইন ডাম্পিঙ কৰাৰ বাবে খহনীয়া আজি কিছু পৰিমাণে শাম কাতিছে যদিও এতিয়াও নিৰাপদ নহয় ডিব্ৰুগড়।বিশেষকৈ বাৰিষালৈ এতিয়াও কেইবামাহ থকাৰ লগতে এই খৰালীতেই ডিব্ৰুগড় চহৰৰ কাষতে এইবাৰ বিপদজনক ভাৱে খহনীয়া সৃষ্টি হৈ এক আতংকময় পৰিস্থিতি সৃষ্টি কৰা লগতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আজি যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।পণিধানযোগ্য যে,ডিব্ৰুগড়ৰ চহৰখন বৰ্তমানে ব্ৰহ্মপুত্ৰৰ জলৰাশিতকৈ যথেষ্ট তলত অৱস্থিত।অৰ্থাৎ চহৰতকৈ বহু উপৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে।তেনে ক্ষেত্ৰত মূল সুৰক্ষা কবছ ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধটো(মথাউৰি) খহনীয়াৰ কবলত পৰিলে তাৎক্ষণিক ভাৱে ব্ৰহ্মপুত্ৰৰ পানী চহৰলৈ বৈ আহি প্লাবিত কৰাৰ সম্ভাৱনা নথকা নহয়।
বিগত দুটা দিনে ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু খহনীয়া স্থলিত উপস্থিত থাকি খহনীয়া প্ৰতিৰোধৰ কাম পৰ্যবেক্ষণ কৰি থকাৰ লগতে সাময়িক ভাৱে খহনীয়া কিছু শাম কটাৰ পাছত স্থায়ী সমাধানৰ বাবে ৰাজ্য চৰকাৰলৈ অনুৰোধ জনাব বুলি সদৰী কৰে।ইতিমধ্যে খহনীয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীয়ে যথেষ্ট গুৰুত্ব সহকাৰে লোৱা বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰি এক দীৰ্ঘম্যাদি প্ৰকল্পৰ জৰিয়তেহে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰিব পৰা যাব বুলি মন্তব্য কৰে।
আনহাতে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় সাংসদ ৰামেশ্বৰ তেলীয়ে আজি খহনীয়া স্থলি পৰিদৰ্শন কৰি ৰাজ্য চৰকাৰক খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই।তেওঁ ইতিমধ্যে ২৫০ মিটাৰ ভূমি খহনীয়াত জাহ যোৱাত উদিগ্ন প্ৰকাশ কৰি প্ৰয়োজন সাপেক্ষে কেন্দ্ৰীয় চৰকাৰক গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাব বুলি ব্যক্ত কৰি চহৰবাসীক আতংক নহবলৈকো আহ্বান জনায়।অৱশ্যে আজি ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু বৃদ্ধি পোৱাত খহনীয়া কিছু পৰিমাণে হ্ৰাস হোৱা বুলি তেলীয়ে উল্লেখ কৰে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।