৩৫ বিঘা ভূমিৰ চাহ গছ উচ্ছেদেৰে দিখাৰী বাগিচাত তৈল্যখাদ স্থাপনৰ ফান্দী অইল ইণ্ডিয়াৰঃ আটছাৰ তীব্ৰ বিৰোধিতা
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ বিগত ৬৪ বছৰে হাজাৰ হাজাৰ বিঘা ভূমিৰ চাহ গছ উচ্ছেদ কৰি চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকালৈ সংকট নমাই অনা অইল ইণ্ডিয়া লিমিটেডে পুনৰ ডিব্ৰুগড় জিলাৰ দিখাৰী চাহ বাগিচাৰ ৩৫ বিঘাতকৈ অধিক ভূমিৰ চাহ গছ উচ্ছেদ কৰি তৈল্যখাদ স্থাপন আৰু পাইপ লাইন স্থাপন কৰিব লোৱাত সৰৱ হৈ পৰিছে অসম চাহ জনজাতি ছাত্র সন্থা চমুকৈ আটছা। উল্লেখযোগ্য যে মৰাণ ৰাজহ চক্ৰৰ অধিনৰ ব্যক্তিগত খণ্ডৰ দিখাৰী চাহ বাগিচাত এটা দশকৰ পূৰ্বে বহু বিঘা ভূমিৰ চাহ গছ উচ্ছেদ কৰি অইল ইণ্ডিয়া লিমিটেডে তৈল্যখনন কৰিছিল যদিও বাগিচা উচ্ছেদ কৰাৰ বিনিময়ত দিখাৰী চাহ বাগিচাৰ এজনো শিক্ষিত শ্ৰমিক সন্তানক অইল ইণ্ডিয়া লিমিটেডত কৰ্ম সংস্থাপন দিয়াৰ ব্যৱস্থা নকৰিলে। আনহাতে বাগিচা খনৰ চাহ গছ উচ্ছেদ কৰাৰ বিনিময়ত অইল ইণ্ডিয়া লিমিটেডৰ পৰা বাগিচাৰ কৰ্তৃপক্ষই এটা সময়ত বহু লাখ টকা লাভ কৰিলে যদিও বিগত ১০ বছৰে মালিক পক্ষই শ্ৰমিকৰ উন্নয়নৰ বাবে অইল ইণ্ডিয়াৰ পৰা লাভ কৰা টকা সমূহ ব্যৱহাৰ নকৰাত দিখাৰী চাহ বাগিচাৰ তিনিওটা শাখাৰ শ্ৰমিকসকল ভবিষ্যনিধি ধন, গ্ৰেছইটি ধন, বদলি কাষ, গৃহ নিৰ্মাণ, বিশুদ্ধ খোৱা পানী যোগান, শৌচালয় নিৰ্মাণকে ধৰি শ্ৰমিক আইন মতে পাব লগীয়া প্ৰতিটো অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। মনকৰিবলগীয়া এয়ে যে বিগত সময়ত মালিকৰ লগত বুজা বুজি কৰি বহু বিঘা ভূমিৰ চাহ গছ উচ্ছেদ কৰি দিখাৰী চাহ বাগিচাত তৈল্যখনন কৰা অইল ইণ্ডিয়া লিমিটেডে পুনৰ বাগিচা খনৰ ৩৫ বিঘাতকৈ অধিক ভূমিৰ চাহ গছ উচ্ছেদ কৰি তৈল্যখনন আৰু পাইপ লাইনৰ স্থাপন কৰিব লোৱাত বাগিচা খনৰ শ্ৰমিক ৰাইজৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছে।
বিগত ৬৪ বছৰে হাজাৰ হাজাৰ বিঘা ভূমিৰ চাহ গছ উচ্ছেদ কৰি চাহ শ্ৰমিকৰ জীৱিকা কাঢ়ি লোৱা অইল ইণ্ডিয়া লিমিটেডে চাহ শ্ৰমিকৰ লৰা ছোৱালীক অইলত চাকৰি নিদিয়াৰ পৰ্যন্ত ডিব্ৰুগড় জিলাৰ কোনো এখন বাগিচাতে অইল ইণ্ডিয়া লিমিটেডক চাহ গছ উচ্ছেদ কৰিবলৈ দিয়া নহব বুলি স্পষ্ট কৰি দিছে আটছা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘ আৰু সম্পাদক লখিন্দৰ কুৰ্মিয়ে। উল্লেখযোগ্য যে দিখাৰী চাহ বাগিছাত অইল ইণ্ডিয়া লিমিটেডে চাহ গছ উচ্ছেদ কৰা বিষয়টোক লৈ ৬ মাৰ্চত নিজ কাৰ্যালয়ত মৰাণ ৰাজহ চক্ৰ বিষয়াই এখনি আলোচনা অনুস্থিত কৰিছিল যদিও চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাৰ স্বাৰ্থত আটছা ডিব্ৰুগড় জিলা সমিতিয়ে অইল ইণ্ডিয়া লিমিটেডৰ ওচৰত উপস্থাপন কৰা দাবী সমূহ কাৰ্যকৰী নকৰা পৰ্যন্ত দিখাৰীৰ লগতে ডিব্ৰুগড় জিলাৰ কোনো এখন বাগিছাতে আটছাই চাহ গছ উচ্ছেদ কৰিবলৈ নিদিয়ে বুলি আটছা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘ আৰু সম্পাদক লখিন্দৰ কুৰ্মীয়ে ৰাজহ চক্ৰ বিষয়া গৰাকীক স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে উক্ত আলোচনাত মৰাণ ৰাজহ চক্ৰ বিষয়া, অইল ইণ্ডিয়া লিমিটেডৰ প্ৰতিনিধি, অসম চাহ মজদূৰ সংঘৰ প্ৰতিনিধিৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আটছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বাবুল চাহ, আটছা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘ, সম্পাদক লখিন্দৰ কুৰ্মি, সাংগঠনিক সম্পাদক লক্ষিৰাম ৰাজগড়,জিলা কাৰ্যনিবাহক সদস্য উমা প্ৰসাদ কুমাৰ, আটছা মৰাণ শাখাৰ সভাপতি অংকুৰ দলৈ, আৰু সম্পাদক পাৰ্থপ্ৰতিম গোৱালা,সাংগঠনিক সম্পাদক ভৈৰৱ তাঁতী,দিখাৰী উপ-শাখাৰ সভাপতি গোপাল তাঁতী আৰু সম্পাদক দীপাংকৰ তাঁতী উপস্থিত থাকে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।