নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ টকা–পইচাৰ অভাৱৰ পৰা সামান্য সকাহ পাব৷ সন্দেহে পাৰিবাৰিক অশান্তি বৃদ্ধি কৰিব৷ ব্যৱসায়ত লোকচান দেখা যায়৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৩৷
বৃষ ঃ কোনো ব্যক্তিৰ চাকৰিৰ খবৰ আহিব পাৰে৷ সহকর্মীৰ দ্বাৰা উপকৃত হোৱাৰ আশা আছে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷
মিথুন ঃ আপুনি আজি অলপ সাৱধানে চলা–ফুৰা কৰিব৷ হাতত আঘাত পাব পাৰে৷ ব্যৱসায়ীসকলে বিচৰা মতে ফল নাপাব৷ সন্তানৰ শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷
কর্কট ঃ মূৰত আঘাত পাব পাৰে৷ হাতলৈ টকা–পইচা আহিব, কিন্তু খৰচ বাঢ়িব৷ আনক সহায় কৰি সন্মান পাব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷
সিংহ ঃ যান–বাহনৰ লগত জড়িতসকল অলপ সাৱধান হ’ব৷ ক্ষতিৰ আশংকা দেখা যায়৷ কর্মসংস্থাপন হ’ব পাৰে৷ বন্ধু বিচ্ছেদ হোৱাৰ ভয়৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷
কন্যা ঃ চাকৰিৰ ক্ষেত্রত বেমেজালি দেখা যায়৷ দুর্ঘটনা হৈ আঘাত পোৱাৰ আশংকা আছে৷ কর্মত আনৰ সহায়ে ক্ষতি কৰিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷
তুলা ঃ পাৰিবাৰিক সমস্যা বৃদ্ধি পাব৷ সন্তানৰ ভুল কামে সন্মান লাঘৱ কৰিব৷ ব্যৱসায়ত লোকচান দেখা যায়৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৪৷
বৃশ্চিক ঃ আজি টকা ধাৰলৈ নিদিব বা নল’ব৷ পৰিয়ালৰ সদস্যৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে৷ চাকৰিৰ স্থান পৰিৱর্তন হ’ব পাৰে৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৯৷
ধনু ঃ আকস্মিক দুর্ঘটনাত পতিত হোৱাৰ ভয়৷ আত্মীয়ৰ সমস্যাৰ কথা শুনি দুখ পাব পাৰে৷ পাৰিবাৰিক অশান্তিয়ে ঘৰৰ পৰিৱেশ বেয়া কৰিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৬৷
মকৰ ঃ শুভাকাংক্ষীৰ সহায়ত আগুৱাই যাব পাৰিব৷ প্রাকৃতিক দুর্যোগত ক্ষতিৰ আশংকা আছে৷ কর্মস্থানৰ পৰিৱর্তনৰ বাবে সমস্যাত পৰিব পাৰে৷ অবাবত অর্থ ব্যয় বৃদ্ধি পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷
কুম্ভ ঃ কোনো বিশেষ কামৰ দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে৷ আপুনি কৰা ভাল কামৰ বাবে সন্মান পাব পাৰে৷ সন্তানৰ পৰা আর্থিক ক্ষতি হ’ব পাৰে৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷
মীন ঃ দূৰ ভ্রমণ কৰিব লগা হ’ব পাৰে৷ নিজৰ ভুলৰ বাবে সমস্যাত পৰিব পাৰে৷ খং দমাই ৰাখক নহ’লে বিপদত পৰিব৷ সন্তানৰ শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷

You might also like