ৰিলায়েন্সৰ বিৰুদ্ধে প্রয়োগ হ’ব নিষেধাজ্ঞা
ভেনিজুৱেলাৰে সম্পর্ক ৰখা কোম্পানীক হুংকাৰ আমেৰিকাৰ
নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ হোৱাইট হাউছ প্রশাসনে ভেনিজুৱেলাৰ ৰাষ্ট্রপতি নিকোলাছ মাডুৰো চৰকাৰৰ বিৰুদ্ধে চাপ সৃষ্টি কৰাৰ লগতে ইয়াৰ সৈতে জড়িত বিদ্যুৎ তথা শক্তি কোম্পানীসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ চিন্তা–চর্চা চলাইছে৷ ড’নাল্ড ট্রাম্প প্রশাসনৰ এই সিদ্ধান্তৰ ফলত সংকটৰ সন্মুখীন হ’ব ভাৰতৰ ৰিলায়েন্স ইণ্ডাষ্ট্রিজ, ৰাছিয়াৰ ৰ’ছনেফ্ট, আমেৰিকাৰ চেভ্রন ক’পৰেছনকে ধৰি কেবাটাও বৃহৎ কোম্পানী৷ হোৱাইট হাউছৰ এগৰাকী জ্যেষ্ঠ প্রশাসনীয় বিষয়াই সদৰী কৰিছে এই তথ্য৷ স্মর্তব্য যে হোৱাইট হাউছত ভেনিজুৱেলাৰ বিৰোধী নেতা জুৱান গুৱাইডোৰ সৈতে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বৈঠকৰ পূর্বে সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত বিষয়াগৰাকীয়ে ৰাছিয়াৰ ৰ’ছনেফ্ট কোম্পানীৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে৷ ভেনিজুৱেলাৰ মাডুৰোক সমর্থন কৰা যিকোনো কোম্পানীৰ বিৰুদ্ধে হোৱাইট হাউছে নিষেধাজ্ঞা আৰোপ কৰিব পাৰে বুলি স্পষ্ট কৰিছে বিষয়াগৰাকীয়ে৷ উল্লেখনীয় যে স্পেইনৰ শক্তি সংস্থা ‘ৰেপ্ছল’ৰ বিৰুদ্ধেও অনুৰূপ।