তেজপুৰৰ ভাতৃ হত্যাকাণ্ডই কঁপাইছে অসম; কেনেকৈ জ্যেষ্ঠ ভাতৃয়ে গুলীয়াইছিল? বাসগৃহৰ পৰা উদ্ধাৰ অধিক অস্ত্ৰ-শস্ত্ৰ
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ: হোলীৰ আনন্দ-উল্লাসৰ মাজতে কালি গাৰোৱান পট্টীৰ প্ৰয়াত অতুল দাসৰ একেটা চৌহদত থকা পুত্ৰ বিষ্ণু দাসে(৫২) নিজ ভাতৃক অচিন্ত দাস(৪২)ক কোনো কথালৈ সংঘাতৰ বাবেই হত্যা কৰে। ইয়াৰ মাজতে কালি অচিন্তৰ পুত্ৰ সৈতে আইতাক অমিয়া দাসৰ লগত বিষ্ণুৰ পৰিয়ালৰ কোনো কথালৈ তৰ্কত লিপ্ত হয়। ইয়াৰ কিছু সময়ৰ পাছত অচিন্ত ঘৰত উপস্থিত হৈ বিষ্ণুক ফোনযোগে তৎকালে মাতি পঠিয়াই। মাতৃয়ে বিষ্ণুৰ মনোভাৱ অনুধাৱন কৰি অচিন্তক বাধা প্ৰদান কৰি জেষ্ঠ ভাতৃয়ে পিষ্টললৈ ৰৈ থকা বুলি কয় কিন্তু মাতৃৰ বাধা উপেক্ষা কৰি ককায়েকৰ কথামতে ঘৰলৈ অহা ভায়েকক বিয়লি ৩.৪৫ বজাত অচিন্ত্যই পিষ্টলৰে দুই জাই গুলি মাৰি হত্যা কৰে।
ইফালে আজি কনিষ্ঠ ভ্ৰাতৃ বিষ্ণু দাসক গুলীয়াই হত্যা কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত আজি ঘাতক ভ্ৰাতৃ অচিন্ত্য দাসে কয় যে সেই সময়ত তেওঁ সুৰাপান কৰি আছিল৷ আনহাতে পূৰ্বৰে পৰাই বিভিন্ন অভিযোগ উত্থাপন হৈ থকা ঘাতক অচিন্ত্যই হত্যাকাণ্ডত ব্যৱহাৰ কৰা ৰিভলভাৰটোৰ উপৰিও ভালেসংখ্যক মাৰণাস্ত্ৰ অবৈধ ভাবে মজুত ৰাখিছিল গাৰোৱানপট্টীৰ বাসভৱনত৷ তদুপৰি এসময়ত ত্ৰাসৰ সৃষ্টি কৰা প্ৰয়াত ছালফা কৃষ্ণ হাজৰিকাৰো সহযোগী আছিল হত্যাকাৰী অচিন্ত্য৷
উল্লেখযোগ্য যে, কালি চাঞ্চল্য সৃষ্টি কৰা হত্যাকাণ্ডটোৰে জড়িত অচিন্ত্য দাসৰ লগতে আৰক্ষীয়ে তেওঁৰ পুত্ৰ নিশিকেষ দাসকো গ্ৰেপ্তাৰ কৰিছে৷ আনহাতে,আজি আৰক্ষীক অচিন্ত্য দাসে ভ্ৰাতৃক গুলীয়াই হত্যা কৰাৰ বিষয়ে স্বীকাৰ কৰি এই কাণ্ড ঘৰুৱা মনোমালিন্যৰ বাবেই ঘটা বুলি ক’লেও নিহত তথা হত্যাকাৰীৰ আত্মীয়ই এনে কোনো বিবাদ নাছিল বুলি উল্লেখ কৰে৷
ইপিনে আজি তেজপুৰ আৰক্ষীয়ে অচিন্ত্য দাসৰ গাৰোৱানপট্টিস্হিত বাসগৃহত তালাচী চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ বন্দুকৰ লগতে গুলীসহ চোকা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ আজি অচিন্ত্যৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৩.২ বৰৰ বন্দুকৰ গুলীসহ ২৮৮ জাঁই সজীৱ গুলী, এটা ৭.৬৫ পিষ্টল,এটা ১২ব’ৰৰ ৰাইফল আৰু ছয়জাঁই সজীৱ গুলীৰ উপৰি তিনিখন খুকুৰি৷
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে অচিন্ত্য দাস এজন ছালফা আৰু উদ্ধাৰ কৰা মাৰণাস্ত্ৰসমূহ তেওঁ অবৈধ ভাবে মজুত ৰাখিছিল৷ তদুপৰি,অনুজ্ঞাপত্ৰ মাৰনাস্ত্ৰটোৰ লগতে ঘাতক অচিন্ত্যই গোপনে মজুত ৰাখিছিল বহু পৰিমাণৰ গুলী৷ আনহাতে, অচিন্ত্য দাসৰ বিৰুদ্ধে তেজপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০বি,৩০২,৩২৫,৩০৭,৩২৩,৩৮৪,৪২৭আৰ ডব্লিউ২৭(১)অস্ত্ৰ শস্ত্ৰ ধাৰাৰ অধীনত ২৫৪/২৩গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷