নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানপীড়িতৰ কাষত কেন্দ্ৰ; সকলোৰে সুৰক্ষা-মংগল কামনা প্ৰধানমন্ত্ৰীৰ

অসমৰ বিভিন্ন প্ৰান্তত চলি থকা বান পৰিস্থিতিক লৈ অসমৰ সাংসদসকলৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৈঠকত ৰাজ্যখনৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থা সম্পৰ্কে বিস্তৃত আলোচনা হয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে বানত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। উদ্ধাৰ, সাহায্য আৰু পুনৰসংস্থাপনৰ সকলো প্ৰচেষ্টা সমন্বয়ভাৱে অব্যাহত আছে বুলিও তেওঁ উল্লেখ কৰে।

বৈঠকত অসমৰ কেইবাগৰাকীও সাংসদ উপস্থিত থাকে।

ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত সকলো লোকৰ সুৰক্ষা, সুস্বাস্থ্য আৰু মংগল কামনা কৰে।

ডিজিটেল ডেস্ক, ২৮ জুলাই

You might also like