নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী পৌৰসভাৰ দুটাকৈ বজাৰ গৃহৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

 

 

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চ: “মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গোটেই অসম জুৰি বিকাশৰ মহাযোগ্য আৰম্ভ হৈছে । য’তেই দেখিছে উন্নয়ন, বিকাশ -সকলো দিশতে।” আজি ধুবুৰী চহৰৰ আদৰ্শ মাৰ্কেট আৰু নিউ মাৰ্কেটত ২০২০-২১ বৰ্ষৰ চিআইডিএফ আঁচনিৰ অধীনত ধুবুৰী পৌৰসভাই নিৰ্মাণ কৰিবলগীয়া দুটাকৈ বজাৰ গৃহৰ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয় অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে আৰু কয় যে, “মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত বিজেপি অসমত যি ধৰণে আগবাঢ়ি গৈছে ইয়াত আৰু বিৰোধীৰ কোনো সুৰুঙা নাই । মেদী ডাঙৰীয়াৰ নিৰ্দেশনাৰে, নেতৃত্বৰে আমি আগবাঢ়িছোঁ । ইয়াত আৰু বিৰোধী বুলিবলৈ একো নাই।” ল’গতে তেখেতৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, “অসমত বিৰোধী এটাই যে আমি কিছুমান মানুহৰ ভোট আমি নিবিচাৰো। যি সকল মানুহ অসমীয়া খিলঞ্জীয়া মানুহৰ কাৰণে আগ্ৰাসনকাৰী, অসমীয়া মানুহৰ কাৰণে সন্ত্ৰাসৰ কাৰণ হ’ব পাৰে তেনেকুৱা মানুহৰ ভোট আমি বিচৰা নাই। সেই মানুহখিনিৰ ভোটখিনি লৈ এতিয়া বিৰোধী দলৰ চিন্তা চৰ্চা চলি আছে। আজি কিছুদিন আগলৈকে সেই মানুহখিনিৰ ভোট প্ৰায়ে এআইইউডিএফৰ ল’গত আছিল। এতিয়া সেই ভোটখিনি কংগ্ৰেছে ল’ব নে ইউডিএফে ল’ব নে ৰাইজৰ দলে ল’ব নে চিপিএমে ল’ব তাক লৈ আমি কিয় চিন্তা কৰিম, তেওঁলোকে চিন্তা কৰি থাকক।” বিৰোধীৰ ঐক্য জোটক লৈ তেখেতৰ মন্তব্য, “আজিৰ তাৰিখত ১০টা দল ৫টা দল – এই দল বিলাক হ’ল কাগজে পত্ৰে থকা দল। অসমৰ জনসমৰ্থনৰ ক্ষেত্ৰত কংগ্ৰেছক চাৰি নম্বৰ স্থানত থকা দল বুলি অভিহিত কৰি আজিৰ তাৰিখত অসমত বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব পৰা কোনো দল নাই বুলি সাংবাদিকৰ সম্মুখত দাবী কৰে মন্ত্ৰী গৰাকীয়ে।আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ ১৪ খন আখনত বিজয়ী হোৱাৰ লক্ষ্য বান্ধি লোৱা বুলি উল্লেখ কৰি তেওঁ ১২ খন আখনত বিজয়ী হব বুলি সাংবাদিকৰ সন্মুখত দাবী কৰে। তেখেতৰ বিৰোধীক কটাক্ষ, “যদি বাংলাদেশত কিবা আসন ওলাইছে সেয়া মই নাজানো, ভূপেন বৰা বদৰুদ্দিন আজমল চাগে ঘুৰি থাকিব পাৰে।” উল্লেখ্য যে, আজিৰ এই আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মংগলদৈৰ সাংসদ দিলীপ শইকীয়া উপস্থিত আছিল। বিৰোধী পক্ষৰ সাম্প্ৰতিক ঐক্য জোটক লৈ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে কয় যে, “এইবোৰ ৰাজনৈতিক চমক সৃষ্টি কৰি কংগ্ৰেছ হওক বা অন্য ৰাজনৈতিক দল বিলাকৰ কোনো লাভ নাই । ৰাইজৰ হৈ মোদী ডাঙৰীয়া কাম কৰিছে, ৰাইজৰ হৈ ড° হিমন্ত বিশ্ব শৰ্মা কাম কৰিছে। এই কামৰ দাম ৰাইজে আকৌ ২০২৪ চনৰ লোকসভা নিৰ্বাচন বা তাৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচনত দিবলৈ প্ৰস্তুত। উল্লেখ্য যে, আজিৰ এই আধাৰশিলা স্থাপনৰ কাৰ্য্যসূচীত ধুবুৰী জিলাৰ উপায়ুক্ত দিৱাকৰ নাথ, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্যাল, ধুবুৰীৰ বিভিন্ন ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ, ধুবুৰী জিলা প্ৰশাসন আৰু পৌৰসভাৰ বিষয়াবৰ্গ প্ৰমুখ্যে স্থানীয় মান্যগণ্য ব্যক্তি উপস্থিত আছিল।

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like