নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াত বিজেপি দক্ষিণ কামৰূপ জিলা মহিলা মৰ্চাৰ তৃতীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

 

 

নিয়মীয়া বাৰ্তা;১২ মাৰ্চ::-কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়া সত্ৰৰ শিক্ষক ভৱনত দেওঁবাৰে অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টি দক্ষিন কামৰূপ জিলা মহিলা মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সভা।এই কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে দক্ষিন কামৰূপ জিলাৰ জ্যেষ্ঠ উপ সভাপতি তথা জিলা মহিলা মৰ্চাৰ প্ৰভাৰী বিনোদ দত্ত শৰ্মা,ৰাজ্যিক মহিলা মৰ্চাৰ সাধাৰন সম্পাদিকা হিমাশ্ৰী দেৱী,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বুলুমনি নাথ,স্বপ্না দাস;জিলা সভানেত্ৰী জোস্না কলিতাৰ লগতে জিলাখনৰ মহিলা মৰ্চাৰ ৯ টা মণ্ডলৰ সভানেত্ৰী আৰু সম্পাদিকা সকল উপস্থিত থাকে।ভাষন প্ৰসঙ্গত মহিলা মৰ্চাৰ ৰাজ্যিক সাধাৰন সম্পাদিকাই জিলাখনৰ মহিলা মৰ্চাৰ মণ্ডল সভানেত্ৰী সকলৰ লগত বুথ সৱলীকৰনৰ বিষয়ে আলোচনা কৰে আৰু কোন মণ্ডলত কিমান বুথ এতিয়া শক্তিশালী আৰু সক্ৰিয় হৈ আছে তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰে।তেওঁ কয় যে আমাৰ সকলো বুথ এতিয়া শক্তিশালী হব লাগিব।কাৰণ আমাৰ পঞ্চায়ত আৰু লোকসভা নিৰ্বাচন সমাগত।আমি এতিয়া ককালত টঙালী বান্ধিব হল।এতিয়া বুথ শক্তিশালী হব লাগিব।যিবোৰ বুথ এতিয়া নিষ্ক্ৰিয় অৱস্থাত আছে,তেওঁলোকক আঁতৰ কৰি নতুন গঠন কৰি দিয়ক।জিলাৰ কোন কোন মণ্ডলৰ কিমান বুথ এতিয়া শক্তিশালী আৰু সক্ৰিয় হৈ আছে তাৰ এখন প্ৰতিলিপি অহা ১৫ মেৰ ভিতৰত আমাক জমা দিব লাগিব।আগন্তুক লোকসভা নিৰ্বাচনত ১৪ খন আসনৰ ১৪ খনেই আমি দখল কৰিব লাগিব।ইয়াৰ লগতে সম্পাদিকা গৰাকীয়ে কয় যে কিছুদিন পিছত হয়তো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেৱৰ মন কী বাত অনুষ্ঠানটো আমাৰ মহিলা মৰ্চাই কৰিব লাগিব।হয়টো কিছুদিনৰ ভিতৰত ৰাজ্যিক নেতৃবৰ্গই এই সম্পৰ্কে ঘোষনা কৰিব।সভাত সকলো মণ্ডল সভানেত্ৰীক অহা ২২ মাৰ্চৰ ভিতৰত মণ্ডল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ জিলা সভানেত্ৰী জোস্না কলিতাৰ।

প্ৰেৰক – ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like