নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা(স্বাঃ)ক আলোচনালৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ উত্তৰ-পূৱত স্থায়ী শান্তি উভতাই আনি উত্তৰ-পূৱক এক অগ্ৰণী ভূমিকা দিবলৈ প্ৰধানমন্ত্ৰীয়ে আপ্ৰাণ চেষ্টা কৰি আহিছে। উপেন্দ্ৰ নাথ ব্ৰহ্মই দাবী কৰা বড়োলেণ্ড চুক্তিৰ এক সফল সমাপ্তি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সফল হ’ল। কোকৰাঝাৰৰ বিজয় উৎসৱত এই মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

           অসমৰ ভৌগলিক অখণ্ডতা ৰক্ষা কৰি বড়োলেণ্ডলৈ সৰ্বাত্মক ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ এক নতুন প্ৰচেষ্টাৰ দ্বাৰাই বড়োলেণ্ডলৈ নহয় সমগ্ৰ অসমলৈ শান্তি কঢ়িয়াই আনিলে প্ৰধানমন্ত্ৰীয়ে। গৃহমন্ত্ৰী অমিত শ্বাহকো ধন্যবাদ জ্ঞাপন মন্ত্ৰীগৰাকীৰ। 

            তেওঁ লগতে কয় যে আলফা(স্বাঃ)কে ধৰি উত্তৰ-পূৱৰ যিকেইটা উগ্ৰপন্থী সংগঠন এতিয়াও শান্তি আলোচনালৈ অহা নাই সেইসকলক আলোচনালৈ আহিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ।

           অসমৰ স্থায়ী শান্তি আৰু দেশৰ ৫খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক এখন হিচাপে নিৰ্মাণ কৰিব লাগিলে এয়া  প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বতহে সম্ভৱ বুলি মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like