নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰীত গ্ৰেপ্তাৰ চাইবাৰ অপৰাধীঃ ৪৩৮ টা চিমকাৰ্ড জব্দ; পলাতক মাষ্টাৰ মাইণ্ড মুকছিদুল

নিয়মীয়া বাৰ্তা, ১৪ মার্চ: মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত অসম আৰক্ষীৰ এটা অভিযানকাৰী দলে যোৱা নিশা মৈৰাবাৰী থানা এলেকাধীন লেংৰীবৰীৰ পৰা মফিদুল ইছলাম (৩৩) নামৰ এটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানকাৰী দলটোৱে চাইবাৰ অপৰাধীটোৰ কবলৰ পৰা ৪৩৮ টা মোবাইলৰ সক্ৰিয় চিম কাৰ্ড জব্দ কৰে। জব্দকৃত চিমকাৰ্ডসমুহৰ যোগেদি বিভিন্ন মানুহৰ নামত চাইবাৰ অপৰাধ সংগঠিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আনহাতে মৈৰাবাৰী আৰু কাষৰীয়া ঠাইসমুহত সংগঠিত হৈ অহা চাইবাৰ অপৰাধসমুহৰ একপ্ৰকাৰ মাষ্টাৰ মাইণ্ড হিচাপে পৰিচিত সম্প্ৰতি পলাতক হৈ থকা মুকচিদুল ইছলামৰ ভাতৃ শ্বাহিদ আনোৱাৰ আৰু আনজন সহযোগী  পাৰভেজ আহমেদ ওৰফে মোবাৰকক মৈৰাবাৰী আৰক্ষীয়ে সোধপোচৰ বাবে থানাত আবদ্ব কৰি ৰাখিছে। বাতৰি লিখাৰ পৰলৈকে আটকাধীন শ্বাহিদ আনোৱাৰ আৰু পাৰভেজ আহমেদ ওৰফে মোবাৰকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। আনহাতে ধৃত মফিদুল ইছলামকো মৈৰাবাৰী আৰক্ষীয়ে অধিক তথ্য আহৰনৰ খাতিৰত জেৰা অব্যাহত ৰাখিছে।

 

উল্লেখ্য যে বিগত মাহটোত মৈৰাবাৰী থানা এলেকাধীন বিভিন্ন ঠাইৰ পৰা প্ৰায় কুৰিৰো অধিক চাইবাৰ অপৰাধীক মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। চাইবাৰ অপৰাধীৰ কবলৰ পৰা জব্দকৃত একাধিক মোবাইল ফোন, হাজাৰোধিক সক্ৰিয় চিম কাৰ্ড, লেপটপ, ভূৱা পানকাৰ্ডে প্ৰমান কৰে এলেকাটোত কিমান পৰিমানে চাইবাৰ অপৰাধ সংঘটিত হৈ আহিছে। আৰক্ষীয়ে যিমানে কৰায়ত্ত কৰিছে, সিমানেই যেন এখোজকৈ আগুৱাই যাবলৈ সক্ষম হৈছে চাইবাৰ অপৰাধী।
প্ৰেৰক: তাৰিকুল ইছলাম
You might also like