নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় অভিষেক আৰু ঐশ্বৰ্যৰ বিয়ালৈ নিমন্ত্ৰণ কৰা হোৱা নাছিল ৰাণী মুখাৰ্জীক?

নিয়মীয়া বাৰ্তা, ১৪ মার্চ: অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ বিবাহ আছিল বলীউডৰ অন্যতম চৰ্চিত এখন বিয়া। দুয়োৰে প্ৰেম কাহিনীৰ সমান্তৰালকৈ দুয়োৰে বিবাহৰ চৰ্চাও আছিল। ইণ্ডাষ্ট্ৰীৰ সকলো ডাঙৰ তাৰকা এই দম্পতীৰ বিয়াত উপস্থিত হৈছিল যদিও ৰাণী মুখাৰ্জীয়ে কিয় ঐশ্বৰ্য-অভিষেকৰ বিয়াত উপস্থিত নাথাকিল বুলি সকলোতে চৰ্চা চলিছিল। আচলতে ৰাণী মুখাৰ্জী আৰু অভিষেক বচ্চনে এটা সময়ত ইজনে সিজনৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল। এনে অৱস্থাত প্ৰেমৰ কাৰণে ৰাণীক বিয়ালৈ নিমন্ত্ৰণ কৰা হোৱা নাছিল বুলি বিশ্বাস কৰা হৈছিল।

ইয়াৰোপৰি ২০০৩ চনৰ ‘চলতে চলতে’ ছবিত ঐশ্বৰ্য ৰায়ৰ ঠাইত ৰাণী মুখাৰ্জীয়ে অভিনয় কৰিছিল। তেতিয়াৰ পৰাই দুয়োৰে মাজত এক প্ৰকাৰৰ মতানক্যও হৈছিল। ঐশ্বৰ্য-অভিষেকৰ বিবাহৰ কেইবছৰমান পাছত ফিল্মফেয়াৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে ৰাণীয়ে।

দুয়োৰে বিয়ালৈ কিয় নিমন্ত্ৰণ নহ’ল সেই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কৈছিল- “আপুনি এই প্ৰশ্নটো মোক নহয় অভিষেকক সুধিব লাগে, কাৰণ শুদ্ধ উত্তৰ তেওঁহে দিব পাৰিব। আগতে মই ভাবিছিলোঁ যে মই ঐশ্বৰ্য আৰু অভিষেকৰ মোৰ ভাল বন্ধু, কিন্তু বিয়ালৈ নিমন্ত্ৰণ নোপোৱাৰ সময়ত বুজিলোঁ যে বন্ধুত্ব কেৱল কামতেই সীমিত”।

You might also like