নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলা পুথিভঁৰালত বিশেষভাৱে সক্ষম লোকৰ সজাগতাৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৬ মার্চ: ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সাৱলীকৰণ মন্ত্ৰণালয়ৰ অধীনস্থ শিশুৰ বিভিন্ন ধৰণৰ অক্ষমতা বা দিৱাঙ্গ লোকৰ সাৱলীকৰণৰ বাবে চেন্নাইত অৱস্থিত বহু বিকলাংগ লোকৰ সাৱলীকৰণৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ অনুমোদন ক্ৰমে বৰলীয়া উৱেলফেয়াৰ চচাইটিৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰালত পুৱা ১০ বজাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে অংগনবাড়ি,আশাকৰ্মী আৰু বিভিন্ন আত্মসহায়ক গোটৰ সদস্যা সকলৰ মাজত এখনি বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয় ৷ জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত ডেৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণটি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে সমাজ কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক দিপালী দেৱীয়ে ৷ সমল ব্যক্তি হিছাপে অনুষ্ঠানত উপস্থিত থাকে নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী,স্বাস্থ্য বিষয়া তথা মনোবিজ্ঞানী ডাঃ সংগীতা দাস,মিনাক্ষী মহন্ত,অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকায়ৰ মঞ্জুৰী বৰঠাকুৰ,জিলা সমাজ কল্যাণ বিষয়া ৰূৱী কলিতা উপস্থিত থাকি ৰাষ্ট্ৰীয় দিবাংগ অধীকাৰ আচঁনি ২০১৬ ৰ বিভিন্ন দিশ আৰু দিবাংগ সকলৰ  সৰ্ব্বোৎ প্ৰকাৰৰ উন্নয়নৰ বাবে প্ৰশিক্ষাৰ্থী সকলৰ দায়িত্ব কতব্য লগতে দিবাংগ সকলৰ বিভিন্ন সমস্যা নিৰুপণ আৰু সমাধানৰ সম্পৰ্কে আলোকপাত কৰে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকি নেহৰু যুৱ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক  তাপস কুমাৰ পামানিক আৰু নেহৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ গাণনিক আৰু কাৰ্যসূচী সহায়ক ধনঞ্জয় তালুকদাৰে আচঁনি খনৰ সফল ৰূপায়ণৰ বাবে সামাজিক দায়বদ্ধতা আৰু সচেতনতাৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ বহু বিকলাংগ লোকৰ সাৱলীকৰণ প্ৰতিষ্ঠান চেন্নাই অনুষ্ঠানৰ বিষয়া হৰি মাঠাই,উদ্যোগক্তা অনুষ্ঠান বৰলীয়া উৱেলফেয়াৰ চচাইটিৰ সম্পাদক অৰূপজ্যোতি ডেকা উপস্থিত থাকি আচঁনিৰ সম্পৰ্কে বিশদভাৱে ব্যাখ্যা আগবঢ়াই ৷ প্ৰশিক্ষণৰ অন্তত উপস্থিত প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷

You might also like