বাজেটঃ নৱম শ্ৰেণীৰ প্ৰথম স্থান পোৱা ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব টেবলেট
নিয়মীয়া বাৰ্তা, ১৬ মার্চ: আজি বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটত শিক্ষাৰ ক্ষেত্ৰত কেইবাটাও নতুন ঘোষণা কৰা হৈছে। বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত বাজেটত বিভিন্ন ধৰণৰ ঘোষণা কৰা দেখা গৈছে। বাজেটত উচ্চ শিক্ষাৰ উন্নয়নৰ বাবে উচ্চ শিক্ষা বিভাগলৈ ৩৩৭২৭৪ কোটি টকা, বিদ্যালয় শিক্ষা বিভাগলৈ ১৬১০৯৯৬ কোটি টকা আবণ্টন দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হয়।
প্ৰজ্ঞান ভাৰতীৰ অধীনত ৰাজ্যৰ প্রায় ৫০০ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিখনলৈ ৫ কোটি টকা ব্যয় সাপেক্ষে বিদ্যালয় ভৱনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে বাজেটত প্ৰস্তাৱ গ্ৰহণ কৰিছে।
আচবাব, স্মার্ট শ্রেণী কোঠা, শিক্ষাশিক্ষণ সামগ্রী আৰু ক্রীড়া আন্তঃগাঁথনিৰ বাবে ৫০০ খন উচ্চ মাধ্যমিক বিদ্যালয়লৈ ১ কোটি টকাকৈ যোগান ধৰা হৈছে।
বৰ্তমানে থকা ৪০০ খন বিদ্যালয়ৰ নৱীকৰণ আৰু আন ১০০ খন নতুন বিদ্যালয় অত্যাধুনিক আন্তঃগাঁথনিৰ সৈতে আদর্শ বিদ্যালয় হিচাপে মডেল স্কুল নিৰ্মাণ কৰা হৈছে । ইয়াৰ বাবে এই বাজেটত ২৫০০ কোটি টকা ধার্য কৰিছে।
ইপিনে নৱম শ্ৰেণীৰ প্ৰথম স্থান পোৱা ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব টেবলেট । পূৰ্বতে গ্ৰহণ কৰা পদক্ষেপসমূহ এইবাৰো বাহাল থাকিব।
ইয়াৰোপৰি চাহ বাগিচা অঞ্চলত চলিত বছৰত আন ১০০ খন নতুন চাহ বাগিচা উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হব।
লগতে শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয় আৰু শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ উন্নীত কৰা হব ।
একে সময়তে অসমৰ মহান মুক্তিযুঁজাৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ চিন স্বৰূপে আৰু উত্তৰ অসমত উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে গহপুৰত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় নামেৰে এখন নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হব ।
ডিব্ৰুগড় যোৰহাট টিহু লখিমপুৰ আৰু তেজপুৰত ৫ খন চৰকাৰী আইন মহাবিদ্যালয় নিৰ্মাণৰ বাবে ১২৭৯ লাখ টকাৰ অনুমোদন জনোৱা হৈছে বুলি বাজেট ভাষণত বিত্ত মন্ত্ৰীয়ে সদৰি কৰে ।