নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদনত বাজেট দাখিলঃ অৰুণোদয় আঁচনিৰ ধন ১,৪০০ টকালৈ বৃদ্ধি, আৰু কি কি আছে বাজেটত…

নিয়মীয়া বাৰ্তা, ১৬ মার্চ: আজি সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৩-২৪ চনৰ বিত্তীয় বাজেট দাখিল কৰিলে। সমাজৰ সকলো স্তৰৰ লোকক, প্ৰতিটো খণ্ডকে সামৰিছে এই বাজেটে।

অসম মাইক্র’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিলৈ ৫০০ কোটি টকা। এন পি এ হিচাপে বিবেচিত হোৱা হিতাধিকাৰীসকলক ইয়াৰ জৰিয়তে লাভান্বিত হ’ব। এইক্ষেত্রত ২৫,০০০ টকালৈ ঋণ লোৱাসকলক অগ্রাধিকাৰ প্রদান কৰা হ’ব।

অৰুণোদয় আঁচনিৰ বাবে ৩,২৪০ কোটি টকা আবণ্টন। ইয়াৰ জৰিয়তে বিদ্যমান আঁচনিৰ মাহিলি আদায়কৃত ধনৰাশি ১৫০ টকা বৃদ্ধিৰে ১,২৫০ টকাৰ পৰা ১,৪০০ টকা কৰা হ’ব।

আত্মসহায়ক গোটৰ সদস্যলৈ পোনপটীয়া হস্তান্তৰৰ জৰিয়তে ১০০০ টকাকৈ মুকলি। সদস্যসকললৈ অনুমোদনৰ পৰৱর্তী পর্যায়ত ১০,০০০ টকাকৈ প্রদান। ৩০ লাখ মহিলা উদ্যমীক বিকাশৰ পৰিকল্পনা।

অৰুণোদয় আঁচনিৰ অন্তর্ভুক্ত নোহোৱা ৰাষ্ট্ৰীয় বিধৱা পেঞ্চনৰ হিতাধিকাৰীসকলে মাহিলি ৯৫০ টকা টপ-আপ লাভ কৰিব

আন্তঃগাঁথনি নিৰ্মাণ, নৱীকৰণ, বিদ্যালয় উন্নীতকৰণ, চাহ বাগিচা অঞ্চলত উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন ইত্যাদিৰ বাবে প্রজ্ঞান ভাৰতীলৈ ২,৫০০ কোটি টকা।

নগৰীয়া জনসাধাৰণৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ অর্থে অসম নগৰ স্বাস্থ্য অভিযান আৰম্ভ কৰা হ’ব।

অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি,২০২০ লৈ ১০০ কোটি টকা। অৰ্থ’ডক্স চাহ আৰু বিশেষ চাহ উৎপাদনৰ বাবে প্ৰতি কিলোগ্ৰামত ১২ টকাৰ বৰ্ধিত ৰাজসাহায্য।

চিকিৎসা পৰিশোধ প্ৰক্ৰিয়া সৰলীকৰণৰ হেতু আৰম্ভ কৰা হ’ব ‘মুখ্যমন্ত্রী লোক সেৱা আৰোগ্য যোজনা’
• চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ নিৰ্ভৰশীলসকলে এই যোজনা লাভ কৰিব পাৰিব
মুখ্যমন্ত্ৰী লঘু উদ্যোগ উদগনি আঁচনি
• উদ্যোগীৰ স্থিৰ মূলধনী বিনিয়োগৰ ১০% মূলধনী ৰাজসাহায্য হিচাপে প্ৰতিগৰাকী উদ্যোগীক সৰ্বাধিক ৫০ লাখ টকা পৰ্যন্ত প্ৰদান
মুখ্যমন্ত্ৰীৰ এম এছ এম ই ঋণ ৰেহাই আঁচনি
• ঋণ সংযোগী ৰাজসাহায্যৰ জৰিয়তে হিতাধিকাৰীসকলক ৩% সুত ৰেহাইৰ ব্যৱস্থা

চাহ শ্ৰমিকসকলৰ বাবে বিশেষ সকাহ
• পৰৱৰ্তী ৩ বছৰৰ বাবে কৃষি আয়কৰৰ ওপৰত কৰ বন্ধ
• চাহ বাগিচাৰ শ্ৰমিক লাইনৰ আন্ত:গাঁথনি বিকাশ
• এককালীন পৰিমাপ হিচাপে লাইনত বাস কৰা শ্ৰমিক পৰিয়ালসমূহৰ বকেয়া বিদ্যুতৰ পৰিমাণ ৰেহাই
বাজেট আবণ্টন : ১৫০ কোটি
চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ অনুকম্পামূলক ধনৰ পৰিমাণ ১২,০০০ টকাৰ পৰা ১৫,০০০ টকালৈ বৃদ্ধি কৰা হ’ব।

অসম দর্শন আঁচনিলৈ ১৮০ কোটি টকা
• ৮ হাজাৰ নতুন নামঘৰ
• প্রতি ধর্মীয় অনুষ্ঠানলৈ ২.৫ লাখকৈ টকা
• ১০০ বছৰৰ অধিক পুৰণি ধর্মীয় অনুষ্ঠানলৈ ১৫ লাখকৈ টকা
• কামাখ্যা কৰিড’ৰ বিকাশ
• ৰংঘৰত পর্যটনৰ সুবিধা বিকাশৰ বাবে ১০৭ কোটি টকা
• মাটিয়াবাগ ৰাজপ্রাসাদক সংগ্রহালয়লৈ ৰূপান্তৰ

You might also like