নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড॰ কিৰণ হাজৰিকা ইগন’ৰ প্ৰতি-উপাচাৰ্য হিচাপে যোগদান

 

 

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চ: বিশিষ্ট শিক্ষাবিদ, হিন্দী সাহিত্যৰ বিশিষ্ট আলোচক তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ ‘আয়োগ-সদস্য’ ড॰ কিৰণ হাজৰিকাক ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰতি-উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে৷ যোৱা বুধবাৰে ড॰ হাজৰিকাই বিশ্ববিদ্যালয়খনিৰ উচ্ছ পদাধিকাৰীসকলৰ উপস্থিতিত নিজৰ পদত যোগদান কৰে৷ উল্লেখযোগ্য যে ড॰ হাজৰিকাই  ইতিপূৰ্বে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এন. চি. চিৰ কমিচন অফিচাৰ, বিশ্ববিদ্যালয় অনুদান আয়োগৰ মহাবিদ্যালয় সমূহৰ অনুদান সমিতিৰ সদস্য, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ক’ৰ্টত ৰাজ্যপালৰ অনুমোদিত সদস্য আদিৰ দৰে সন্মানীয় পদত কাৰ্যনিৰ্বাহ কৰি আহিছে৷ তেখেতে ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ অটল ৰেংকিং অৱ ইনষ্টিটিউচন অৱ ইন’ভেটিভ এচিভমেণ্টৰ সদস্যৰ লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতি -২০২০ কাৰ্যপ্ৰণালী প্ৰস্তুতকৰণৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে গঠন কৰা সমিতিৰ অধ্যক্ষ ৰূপেও কাৰ্যনিৰ্বাহ কৰি আছে৷ তেখেতে ভাষা আৰু ভাষাতত্ত্বৰ আন্তঃৰাষ্ট্ৰীয় ফ’ৰামৰ প্ৰতিষ্ঠাপক সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ প্ৰতি-উপাচাৰ্য পদত নিযুক্তিৰ পূৰ্বে তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত টেঙাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে কৰ্মৰত আছিল ।  ইগন’ৰ দৰে উচ্ছস্তৰীয় শিক্ষাকেন্দ্ৰ এটিত এগৰাকী অসমীয়া শিক্ষাবিদক প্ৰতি-উপাচাৰ্যৰ দৰে উচ্ছস্তৰীয় পদত নিযুক্তি প্ৰদান কৰাটো অসমৰ বাবে এক উল্লেখযোগ্য খবৰ ৰূপে পৰিগণিত হৈছে৷

কৃষ্ণা গগৈ

You might also like